নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা বিধানসভা সমষ্টিত নিৰ্বাচনী বতাহঃ প্ৰশাসনিক বিষয়া বিষ্ণু দাস হ’ব নেকি অগপৰ দলীয় প্ৰাৰ্থী?

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নিৰ্বাচনলৈ যিমানেই দিন চমু চাপি আহিছে, সিমানেই ৰাজনৈতিক দলসমূহত বৃদ্ধি পাইছে ব্যাপক তৎপৰতা। একমাত্ৰ দলীয় প্ৰাৰ্থীক জয়ী কৰি দিছপুৰৰ মছনদ দখলৰ লক্ষ্যৰে শাসকীয় বিজেপি আৰু অগপৰ লগতে মিত্ৰজোঁটৰ কংগ্ৰেছ-এআই ইউ ডি এফ, চিপিআই এল এম আৰু নৱগঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কুচকাৱাজ চলাই আছে।

ৰাজ্যৰ বিভিন্ন সমষ্টিৰ দৰে ৮২নং ৰহা বিধানসভা সমষ্টিতো সমান্তৰালকৈ চলিছে ব্যাপক তৎপৰতা। জানিব পৰা মতে, বৰ্তমান শাসকীয় বিজেপিৰ দখলত থকা ৰহা বিধানসভা সমষ্টিটো আগন্তুক নিৰ্বাচনত অসম গণ পৰিষদ দলে বিচাৰি নিৰ্বাচনী কাম-কাজ আৰম্ভ কৰিছে।

মন কৰিবলগীয়া যে ২০১৬ চনত শাসকীয় বিজেপি দলে দখল কৰিলেও বিগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ আৰু ইউ ডি এফ দলৰ জোঁটবন্ধনত বিজেপি দলে ১৬৪০ টা ভোটৰ ব্যৱধানত পিছ পৰি আছে।

আনহাতে প্ৰায় দুই লক্ষাধিক ভোটাৰৰ ভিতৰত যথেষ্ট পৰিমাণৰ সংখ্যালঘু ভোটাৰেৰে পৰিৱেষ্টিত ৰহা সমষ্টিত শেহতীয়া তথ্যত বিজেপি-অগপতকৈ কংগ্ৰেছ দলে কিছু পৰিমাণে অগ্ৰগতি লাভ কৰি থকাত আগন্তুক নিৰ্বাচনত বিজেপি যে প্ৰত্যাহ্বনৰ মুখামুখি হ’ব সেইটো নিশ্চিত হৈছে।

সেয়ে বিজেপি দলে মিছন ১০০+ আসনৰ বাবে বিজেপিৰ জয়ৰ সম্ভাৱনা থকা সমষ্টিত পছন্দৰ প্ৰাৰ্থীক থিয় কৰোৱাই বাকী কিছু আসনত অগপক এৰি দিবলৈ কুচকাৱাজ চলাই থকাৰ সময়তে বিজেপিৰ দখলত থকা ৰহা সমষ্টিত অগপই মূৰ দাঙি উঠা দেখা গৈছে।

সমষ্টিটোত বিজেপিৰ বিধায়কগৰাকীৰ লগতে সূৰ্য কুমাৰ দাস, সঞ্জীৱ হাজৰিকা, মনজ্যোতি বৰা আদিৰ দৰে হেভীৱেট প্ৰাৰ্থিত্বপ্ৰত্যাশী থকাৰ পাছতো অসম গণ পৰিষদ দলে বিষ্ণু দাস নামৰ এজন প্ৰাৰ্থীক লৈ সমষ্টিত নামি পৰিছে।

উল্লেখ্য যে বৈষ্ণৱ পণ্ডিত একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাসৰ জ্যেষ্ঠ পুত্ৰ তথা অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ মুখ্য প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত বিষ্ণু দাসে চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰি অগপৰ প্ৰাৰ্থী হ’বলৈ আগবঢ়া কাৰ্যই বিজেপি মহলত তোলপাৰ লগাইছে।

You might also like