নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাঙৰ স্বপ্ন দেখিব নোৱাৰা মানুহে ডাঙৰ কাম কৰিব নোৱাৰেঃ কৰুণাধাৰাৰ প্ৰতিষ্ঠা দিৱসত হোমেন বৰগোহাঞি

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ “যিবোৰ মানুহে ডাঙৰ স্বপ্ন দেখিব নোৱাৰে, সেইবোৰ মানুহে কেতিয়াও ডাঙৰ কাম কৰিব নোৱাৰে। আমিও কৰুণাধাৰাক লৈ এটা ডাঙৰ স্বপ্ন দেখিছো আৰু বৰ্তমান সেই স্বপ্ন পূৰণৰ দিশে আগবাঢ়িছো।’  -এই মন্তব্য বিশিষ্ট কথাশিল্পী তথা মানৱতাবাদী অনুষ্ঠান কৰুণাধাৰাৰ মুখ্য উপদেষ্টা হোমেন বৰগোহাঞিৰ।

দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে সহায়ৰ এখন হাত হিচাপে আত্মপ্ৰকাশ কৰি এক হৃদয়ৰ আন্দোলনলৈ পৰ্যবসিত হোৱা ‘কৰুণাধাৰা’ৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লৈ কৰুণাধাৰাৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা কৰি এনেদৰে কয় বৰগোহাঞিয়ে।

উল্লেখ্য যে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে কৰুণাধাৰৰ বাবে গুৱাহাটীত দুই বিঘা ভূমি আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰি এই ভূমিত এটা আশ্ৰয় গৃহ আৰু এখন চিকিৎসালয় নিৰ্মাণ কৰিব বুলিও প্ৰকাশ কৰে কৰুণাধাৰাৰ মুখ্য উপদেষ্টা হোমেন বৰগোহাঞিয়ে। নিঃসহায় আৰু আৰ্তজনৰ বাবে এই আশ্ৰয় গৃহ আৰু চিকিৎসালয় উৎসৰ্গীত হ’ব বুলিও প্ৰকাশ কৰে বৰগোহাঞিয়ে।

আনহাতে উক্ত ভূমিত তাৎক্ষণিকভাৱে কৰুণাধাৰাৰ এটা কাৰ্যালয় নিৰ্মাণৰ বাবে তেওঁ নিজাকৈ এক লাখ টকা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। অৱশ্যে কৰুণাধাৰাৰ মূল পুঁজিৰ পৰা কাৰ্যালয় তথা প্ৰস্তাৱিত চিকিৎসালয় আৰু আশ্ৰয়গৃহত এপ‌ইচাও খৰচ নকৰে বুলি উল্লেখ কৰি ৰাইজৰ মাজলৈ বিষয়টো থেলি দিয়ে।

নিজৰ বক্তব্যত বিশিষ্ট চিন্তাবিদগৰাকীয়ে কৰুণাধাৰাই কেনেদৰে ৰাইজৰ হৃদয়ৰ লগত সংপৃক্ত হৈ আছে, সেয়া উল্লেখ কৰি দৰঙৰ এগৰাকী ছাত্ৰীয়ে টেকেলীত সাঁচি থোৱা উনৈশশ টকা কৰুণাধাৰাৰ ন্যাসলৈ আগবঢ়োৱাৰ উদাহৰণ দাঙি ধৰি অষ্টম শ্ৰেণীৰ ছাত্ৰী গীতচন্দ্ৰা
ৰাভাক এই কাৰ্যৰ বাবে মুকলিকৈ শলাগ লয়।

আনহাতে, কৰুণাধাৰাৰ বিগত এক দশকৰ ইতিহাসত কোনো বছৰেই প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হোৱা নাছিল বুলি উল্লেখ কৰি এইবাৰ প্ৰথমবাৰৰ বাবে দৰঙী ৰাইজৰ প্ৰচেষ্টাত মঙলদৈত অনুষ্ঠিত কৰাত দৰং জিলা সহায়ক সমিতিৰ শলাগ লয় আৰু ৰাইজৰ উপস্থিতি দেখি অভিভূত হৈ পৰে।

প্ৰসংগক্ৰমে কথাশিল্পী হোমেন বৰগোহাঞিয়ে দৰঙৰ ৰাইজৰ সংস্কৃতিৱান মন আৰু কাম-কাজৰ শলাগ লয়। বিশেষকৈ অসম সাহিত্য সভাৰ সভাপতি হৈ থকা সময়ত দৰঙত লাভ কৰা আতিথ্য আৰু বিচিত্ৰ অভিজ্ঞতাৰ ৰোমন্থন কৰে।

বৰগোহাঞিয়ে নীলিমা গোস্বামীৰ “হৃদয় স্পৰ্শ কৰা কেইখনমান ছবি” শীৰ্ষক গ্ৰন্থখনো উন্মোচন কৰে।

ইফালে মঙলদৈ সনাতন ধৰ্ম সভাৰ সভাগৃহত অনুষ্ঠিত হোৱা কৰুণাধাৰৰ একাদশ প্ৰতিষ্ঠা দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰি কৰুণাধাৰৰ সম্পাদক ডাঃ নৰেশ্বৰ শৰ্মাই কৰুণাধাৰৰ এক ৰেঙনি দাঙি ধৰাৰ লগতে এই ন্যাসৰ জৰিয়তে প্ৰায় দুহেজাৰ লোকক সহায়ৰ হাত আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে।

অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা অনুষ্ঠানত দৰং জিলা সহায়ক সমিতিৰ সম্পাদক গণেশ দত্তই আদৰণী বক্তব্য ৰাখি জিলাবাসীয়ে অনুষ্ঠানটোৰ প্ৰতি প্ৰদৰ্শন কৰা আনুগত্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 দৰঙত ৰক্তদান আন্দোলনৰ নেতৃত্ব দিয়া মঙলদৈৰ শেখৰ মজুমদাৰে সন্মানীয় অতিথিৰ ভাষণত সৰু সৰু কামেৰে জীৱনত পোৱা আনন্দৰ অভিজ্ঞতাৰ বৰ্ণনা কৰে।

উল্লেখযোগ্য যে আৰ্ত আৰু নিঃসহায়সকলৰ বাবে কৰুণাধাৰাই নিৰ্মাণ কৰিবলগীয়া আশ্ৰয়গৃহ আৰু প্ৰস্তাৱিত চিকিৎসালয় গৃহৰ বাবে হোমেন বৰগোহাঞিয়ে ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পিছত আজিৰ অনুষ্ঠানতে বিশিষ্ট ব্যৱসায়ী হবিব মহম্মদ চৌধুৰী আৰু উদ্যোগপতি মুকুল চন্দ্ৰ ডেকাই এক লাখকৈ, নিয়োগ বিভাগৰ অৱসৰী উপ সঞ্চালক চক্ৰধৰ নাথ, আনোৱাৰ হুছেইন, ফুলেন শৰ্মা, দীপক নাথ, ৰীণা বৰুৱা, ড০ বুধিন হাজৰিকাই পাঁচ হাজাৰকৈ, ডাঃ লীনা শ‌ইকীয়াই চাৰিহাজাৰ, ৰঞ্জিত বৰগোহাঁয়ে দুহাজাৰ, কল্পনা দত্ত আৰু তাৰিণী নাথে এহাজাৰকৈ টকা আগবঢ়ায়।

লক্ষণীয় যে অবৈতনিকভাৱে গাঁওবুঢ়াৰ সেৱা আগবঢ়োৱাৰ উপৰি প্ৰায় ২০০ যক্ষ্মা ৰোগীক সেৱা আগবঢ়োৱা যোৰপুখুৰী গাঁৱৰ গাঁওবুঢ়া গ‌ংগা প্ৰসাদ শৰ্মাক আজিৰ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।

ডাঃ নৰেশ্বৰ শৰ্মা ৰচিত কৰুণাধাৰাৰ সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত দিব্যাংগ শিল্পী হীৰামণি বৰুৱাই সংগীত পৰিৱেশন কৰাৰ লগতে কৰুণাধাৰাৰ সভাপতি প্ৰতুল ফুকন, ন্যাসৰক্ষী দেৱজিৎ কাকতি, বিশিষ্ট ব্যৱসায়ী হবিব মহম্মদ চৌধুৰী, উদ্যোগপতি তথা দৰং সহায়ক সমিতিৰ কাৰ্যকৰী সভাপতি মুকুল চন্দ্ৰ ডেকায়ো বক্তব্য আগবঢ়ায়।

প্ৰণিধানযোগ্য যে আজিৰ প্ৰতিষ্ঠা দিৱসত গজেন চহৰীয়া, জেৰিফা চুলতানা, দুৰ্লভ শৰ্মা, জয়ন্তী বৰা, অনিমা বৰুৱা আৰু জেচমিনাৰা আহমেদক ন্যাসৰ সাহায্য প্ৰদান কৰা হয়। দৰঙৰ বহুসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় কাৰ্যসূচী।

You might also like