ভাৰতৰ এটা টুকুৰা চীনক এৰি দিছে মোদী চৰকাৰেঃ ৰাহুল গান্ধীৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ পূব লাডাখত ভাৰত-চীনৰ মাজত চলা অচলাৱস্থা হ্ৰাস হ’ব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যসভাত উল্লেখ কৰাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই মন্তব্যৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰে।
আজি এখন সংবাদ মেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয়, “মোদী চৰকাৰে ভাৰতৰ এটা অংশ চীনক হস্তান্তৰ কৰিছে আৰু বিৰোধীক এই বিষয়ে প্ৰশ্ন কৰাৰা সুবিধা দিয়া নাই।’
কংগ্ৰেছ নেতাজনে আজি উল্লেখ কৰে যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে কালি ভাৰতীয় সেনা এতিয়াৰ পৰা ফিংগাৰ-৩ত স্থায়ীভাৱে থাকিব বুলি উল্লেখ কৰিছিল যদিও ভাৰতৰ প্ৰকৃত এলেকা হৈছে ফিংগাৰ-৪। সেই অঞ্চলো ভাৰতীয় সেনাৰ দখলত থকা উচিত আছিল।
উল্লেখ্য, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজ্যসভাত বিজেপি চৰকাৰক কৃষি আইন আৰু লাডাখ সীমান্তৰ পৰিস্থিতিক লৈ তীব্ৰ সমোলোচনা কৰা প্ৰত্যক্ষ কৰা গৈছে।