নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ পূব লাডাখ সীমান্তৰ পৰা ভাৰতীয় আৰু চীনা সেনাৰ প্রশ্বাদসৰণৰ পাছতে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ বিৰুদ্ধে কঠোৰ মন্তব্য আগবঢ়াইছে৷ আজি ৰাহুল গান্ধীয়ে উল্লেখ কৰে যে প্রধানমন্ত্রী মোদী এজন কাপুৰুষ৷ চীনক মোদীয়ে ভাৰতৰ ভূমি গতাই দিয়া বুলিও অভিযোগ কৰিছে ৰাহুলে৷ এখন সংবাদ মেলত ৰাহুলে উল্লেখ কৰে যে পাংগং অঞ্চলৰ ফিংগাৰ–৪লৈকে ভাৰতৰ ভূমি বিস্তাৰিত হৈ আছে৷ কিন্তু তাৰ পৰা ফিংগাৰ–৩লৈ দেশৰ সেনাক ওভতাই আনিছে মোদী চৰকাৰে৷ মোদী আৰু ৰাজনাথ সিঙে ভাৰতৰ ভূমি কৌশলেৰে চীনক গতাই দিয়া বুলিও অভিযোগ কৰিছে ৰাহুলে৷ কিয় মোদীয়ে ভাৰতৰ ভূমি চীনক গতাই দিলে বুলি প্রশ্ণৰ অৱতাৰণা কৰাৰ উপৰি প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ইয়াৰ উত্তৰ দিব লাগিব বুলিও মন্তব্য কৰিছে৷