নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম পর্যায়ত ৫৫ চলচ্চিত্র চুটি ছবিক সামৰি এক কোটি প্রদান

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ  মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে  জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত অসমীয়া চলচ্চিত্রলৈ পোনপ্রথমবাৰৰ বাবে ৰাজসাহায্য প্রদান আঁচনিৰ শুভাৰম্ভ কৰে৷ অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ দ্বাৰা প্রদান কৰা এই ৰাজসাহায্যৰ জৰিয়তে প্রথম পর্যায়ত ৫৫খন চলচ্চিত্র, চুটিছবি আৰু তথ্যচিত্র সামৰি লোৱা হৈছে৷ এই আঁচনিখনত মুঠ ১ কোটি টকা ব্যয় কৰা হৈছে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী সোণোৱালে কয় যে এখন সমাজৰ সংস্কাৰ সাধনত চলচ্চিত্রই উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে৷

চলচ্চিত্রৰ জৰিয়তে প্রতিগৰাকী ব্যক্তিক সাংস্কৃতিক মনৰ অধিকাৰী কৰিব পৰা যায়৷ শিল্পকলাৰ এই শক্তিক মানুহে যুগে যুগে উপলব্ধি কৰি আহিছে৷ গুৰুজনাই তেৰাৰ সাংস্কৃতিক উপাদানেৰে মানৱীয় গুণ বিকশাই তুলিছিল৷ মানুহৰ চিন্তা–চর্চা আৰু কর্মত মানৱীয় গুণৰ বিকাশ সাধন নহ’লে এখন শক্তিশালী সমাজ নির্মাণ কৰাটো সম্ভৱ নহয়৷ সংস্কৃতিয়ে মানুহৰ মানসিকতাত প্রভাৱ পেলাই ইতিবাচক দিশেৰে আগুৱাই যোৱাৰ বাবে প্রেৰণা যোগায়৷ চলচ্চিত্রৰ কাহিনী, অভিনয়ে মানুহৰ হূদয়ত প্রত্যক্ষভাৱে প্রভাৱ পেলায়৷ সেইবাবে আদর্শ ব্যক্তি আৰু পৱিত্র সমাজ গঢ়ি তোলাৰ ক্ষেত্রত চলচ্চিত্রই বিশিষ্ট ভূমিকা গ্রহণ কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয় যে চলচ্চিত্রই মানুহক সক্রিয় আৰু সজীৱ কৰি ৰাখিব পাৰে৷ চিন্তাৰ মলিনতা আঁতৰ কৰাৰ দিশত চলচ্চিত্রই বিশেষ ভূমিকা গ্রহণ কৰিব পাৰে৷ হিন্দী চলচ্চিত্রই ৰাষ্ট্রীয় ভাবনা শক্তিশালী কৰাৰ ক্ষেত্রত উল্লেখযোগ্য অৰিহণা যোগাই আহিছে৷

অসমৰ সম্পদ আৰু সম্ভাৱনাক আৱিষ্কাৰ কৰাৰ ক্ষেত্রত চলচ্চিত্রই বিশেষ ভূমিকা গ্রহণ কৰিব লাগিব৷ শিল্পীসকলক তেওঁ যথেষ্ট শ্রদ্ধা কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে শিল্পীসকল হ’ল ঈশ্বৰৰ দূত৷ উঠি অহা চামক অধিক পৰিশ্রম কৰি শক্তিশালী ব্যক্তিত্বৰ গৰাকী কৰি তোলাৰ দিশত চলচ্চিত্রই উৎসাহ যোগাব পাৰে৷ তেনে চলচ্চিত্র নির্মাণ কৰিলে আমাৰ নতুন প্রজন্মৰ ব্যক্তিত্বৰ বিকাশ সাধন হ’ব৷ ৰাজ্য চৰকাৰে আগবঢ়োৱা এই ৰাজসাহায্য অতি নগণ্য বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে অসমৰ চলচ্চিত্র জগতখনক আগুৱাই নিয়াৰ বাবে চৰকাৰৰ যথেষ্ট আন্তৰিকতা আছে৷ অসমত বহু সফলতাৰ কাহিনী আছে৷ উচ্চশিক্ষিত যুৱক–যুৱতী আজি কৃষিখণ্ডত জডিত হৈ পৰিছে৷ বানে বিধবস্ত কৰা কৃষকে পুনৰ খেতিপথাৰত নিয়োজিত হৈ সফলতা কঢ়িয়াই আনিছে৷

এনেবোৰ বিষয়ক লৈ চলচ্চিত্র নির্মাণ কৰিলে আমাৰ শক্তিক উদ্ভাষিত কৰাটো সম্ভৱ হৈ পৰিব৷ সমাজখনক প্রতিযোগিতাৰ ক্ষেত্রলৈ লৈ যোৱাৰ দিশত চলচ্চিত্রই বিশেষ ভূমিকা ল’ব পাৰে৷ লুইতৰ নাম বিশ্ব মানচিত্রত উজলাই তোলাৰ বাবে চলচ্চিত্র উদ্যোগে প্রয়াস চলাব লাগিব৷ তেওঁ কয় যে সামাজিক, সাংস্কৃতিক, অর্থনৈতিক দিশৰ বিকাশ সাধনৰ বাবে শিল্পীসকলে চলচ্চিত্রক মাধ্যম হিচাপে লৈ আগুৱাই যাব লাগিব৷ বর্তমানৰ ৰাজ্য চৰকাৰে সাংস্কৃতিক ক্ষেত্রখনক আগুৱাই নিয়াৰ বাবে দৃঢ়তাৰে প্রয়াস চলাই আহিছে৷ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই কঠিন প্রত্যাহ্বান নেওচি অসমীয়া চলচ্চিত্রৰ ভেটি নির্মাণ কৰিছিল৷ জ্যোতিপ্রসাদ আগৰৱালাই মহিলা সবলীকৰণৰ উৎকৃষ্ট নিদর্শন দেখুৱাই থৈ গৈছে৷ আইদেউ সন্দিকৈয়ে ৰক্ষণশীল সমাজ ব্যৱস্থাৰ বিৰুদ্ধে মহিলা সবলীকৰণৰ আদর্শ প্রতিষ্ঠা কৰি থৈ গৈছে৷

প্রমূল্যবোধ প্রতিষ্ঠাৰ ক্ষেত্রত এটা নতুন জাগৰণৰ সূচনা কৰাৰ বাবে চলচ্চিত্র উদ্যোগক বিশেষ ভূমিকা ল’বলৈও তেওঁ অহ্বান জনায়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলেয়ে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে অসমৰ চলচ্চিত্র উদ্যোগক অধিক গতিশীল কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ প্রথমবাৰৰ বাবে ৰাজসাহায্য প্রদানৰ এই অভিলাষী আঁচনি গ্রহণ কৰি উদ্যোগটোক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস কৰিছে৷ তেওঁ কয় যে পোনপ্রথমবাৰৰ বাবে ৪৫ পূর্ণদৈর্ঘ্যৰ কথাছবি, ৬খন তথ্যচিত্র আৰু ৪খন চুটিছবিলৈ ৰাজসাহায্য আগবঢ়োৱা হৈছে৷ ২০১৬ চনৰ ১ এপ্রিলৰ পৰা ২০২০ চনৰ ৩১ মার্চ পর্যন্ত নির্মিত ছবিসমূহক এই আঁচনিখনৰ দ্বাৰা সামৰি লোৱা হৈছে, যাতে ছবি নির্মাতাসকলক উৎসাহিত কৰিব পৰা যায়৷

অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষ তথা বিধায়িকা সুমন হৰিপ্রিয়াই আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বিধায়কদ্বয় বিমল বৰা আৰু ঋতুপর্ণ বৰুৱা, সাংস্কৃতিক পৰিক্রমা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, জ্যোতি চিত্রবনৰ অধ্যক্ষ পৱিত্র মার্ঘেৰিটা, অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ উপাধ্যক্ষ আলেখ্য বৰুৱা, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ আদি উপস্থিত আছিল৷

You might also like