নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতত জয়ী হ’ব নোৱাৰে অতুল বৰা

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ বিজেপিক ওফৰাই শাসনলৈ অহাৰ লক্ষ্যৰে কংগ্রেছে আৰম্ভ কৰা অসম বচাও অভিযানৰ মাজতে আজি বোকাখাতত অগপক লক্ষ্য কৰি লয় বিৰোধী দলটোৱে৷ সাংসদ প্রদ্যুৎ বৰদলৈৰ নেতৃত্বত অহা কংগ্রেছৰ দলটোৱে আজি গোলাঘাটত অগপৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ সাংসদ বৰদলৈয়ে গোলাঘাট জিলা কংগ্রেছ কার্যালয়ত অগপ সভাপতি অতুল বৰাক তীব্র ভাষাৰে সমালোচনা কৰি কয় যে অতুল বৰাৰ নিজৰেই চৰিত্র নাই, গতিকে তেওঁৰ গাত কেনেকৈ আঞ্চলিকতাবাদৰ চৰিত্র থাকিব? তিনি মাহৰ পাছত অতুল বৰাই গম পাব যে তেওঁৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈ গৈছে৷ অসমখনক বিজেপিয়েই ধ্বংস কৰা নাই, অগপও আছে৷ বোকাখাত সমষ্টিৰ পৰা অতুল বৰা পুনৰ জিকিব পাৰিবনে, তাক লৈ প্রশ্ণ তোলে বৰদলৈয়ে৷ তেওঁ কয়– বোকাখাতত এইবাৰ অতুল বৰা কোনোপধ্যেই জয়ী হ’ব নোৱাৰে৷

উল্লেখ্য যে কংগ্রেছৰ অসম বচাও অভিযানক লৈ তীব্র কটাক্ষ কৰিছিল অগপ সভাপতি অতুল বৰাই৷ অগপৰ সভাপতিজনৰ মন্তব্য আছিল– কংগ্রেছৰ অসম বচাও অভিযান গছত গৰু উঠা কথা৷ কংগ্রেছে সর্বত্র অসমখনক ধ্বংস কৰাৰ পাছত এইবাৰ অসম বচাও অভিযানত নমাটো হাস্যকৰ৷ অতুল বৰাৰ এই মন্তব্যক লৈয়ে সাংসদ বৰদলৈ সৰৱ হোৱাৰ পাছতেই আজি পুনৰ অতুল বৰাই কটাক্ষ কৰি কয়– প্রদ্যুৎ বৰদলৈ ভস্মাসুৰ৷ তেওঁ য’তেই যায় সকলো ভস্ম হয়৷ কংগ্রেছকো তেওঁ ভস্ম কৰিব৷ আনকি নিজৰেই সতীর্থই তেওঁক আন্ধাৰৰ ৰজা আখ্যা দিছিল৷ তেওঁৰ দিনতেই উদ্যোগখণ্ডত অন্ধকাৰ নামি আহিল, চাহ উদ্যোগত অন্ধকাৰৰ সৃষ্টি হ’ল৷ অগপ সভাপতি বৰাৰ এই বক্তব্যৰ প্রত্যুত্তৰ দি আজি সাংসদ বৰদলৈয় কয়– মই যদি ভস্মাসুৰ, তেন্তে আজি বোকাখাতলৈ আহিলোঁ আৰু অতুল বৰাক ভস্ম কৰি দিলোঁ৷

মন কৰিবলগীয়া যে প্রদ্যুৎ বৰদলৈৰ নেতৃত্বত গোলাঘাটলৈ অহা কংগ্রেছৰ দলটোৱে আজি তীব্র বাধাৰ সন্মুখীন হয়৷ দুবছৰ পূর্বে বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যুমুখত পৰা গোলাঘাট শালমৰাৰ ভুক্তভোগী পৰিয়ালৰ খবৰ ল’বলৈ বুলি বাগিচাখনত প্রৱেশ কৰাৰ সময়তে বাগিচা সমিতিয়ে গেটত তলা লগাই দিয়ে৷ পাছত কংগ্রেছী নেত্রী বিস্মিতা গগৈকে ধৰি কংগ্রেছী নেতাসকলৰ বহু কাকূতি–মিনতিত গেটখন খুলি দিয়া হয়৷

You might also like