নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ ৰাজ্যত পৰিৱেষ্টিত হৈ থকা বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলক  বৈজ্ঞানিক মানসিকতাৰে উদ্বুদ্ধ কৰি তোলাৰ নিমিত্তে  আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ উদ্যোগত অসমৰ ২১৯ উন্নয়ন খণ্ডৰ লগতে জোনাই মহকুমাতো
হাতীজানস্থিত ইউ এন বি মেম’ৰিয়েল হাইস্কুলত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে এক গণ জাগৰণ ৰাইজমেল অনুষ্ঠিত কৰা হয়৷

সভাৰ কাৰ্যসূচী অনুসৰি জোনাই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মুৰ্কংচেলেক ব্লকৰ সমন্বয়ক প্ৰদীপ গগৈয়ে আঁত ধৰা অনুষ্ঠানত সভাপতিত্ব কৰে ইউ এন বি হাই স্কুলৰ প্ৰধান শিক্ষক ভূমিধৰ বড়োৱে৷

বিশেষ অতিথি হিচাপে জোনাই মহকুমা বিষয়া ডাঃ কিশোৰ কামান, প্ৰকৃতি প্ৰেমী তথা শিক্ষক তুষেশ্বৰ আগৰৱালা, ইউ বি পি অ’ মনোৰঞ্জন বসুমতাৰী উপস্থিত থাকি অন্ধবিশ্বাসৰ ওপৰত বহুমূলীয়া বক্তব্য আগবঢ়ায়৷

আজিৰ সজাগতা সভাত অৱসৰপ্ৰাপ্ত শিক্ষক চক্ৰধৰ বসুমতাৰী, কালিচৰণ নাৰ্জাৰী, বিজয় মুছাহাৰী, হাতীজান প্ৰাৰ্থমিক বিদ্যালয়ৰ শিক্ষক চনেন বসুমতাৰীৰ লগতে স্কুলীয়া ছাত্র-ছাত্ৰী আৰু গাঁৱৰ ৰাইজ উপস্থিত থাকে৷

You might also like