মৰিগাঁৱত দুখনকৈ গ্ৰন্থ উন্মোচন বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঞিৰ
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ ৰালফ ৱালডো এমাৰচনে কৈছিল উৎসাহ অবিহনে কোনো ডাঙৰ কাৰ্য সম্পাদন নহয়। সেই উৎসাহেৰে আজি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা আৰু কবিতা ৰাণী সিঙৰ দুখনকৈ গ্ৰন্থ প্ৰকাশ হৈছে। -এই বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ।
মৰিগাঁও নগৰৰ পবিতৰা হাত প্ৰেক্ষাগৃহত আজি মৰিগাঁওৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা আৰু তেওঁৰ পত্নী অসম অসামৰিক সেৱাৰ বিষয়া কবিতা ৰাণী সিঙৰ দ্বাৰা সম্পাদিত দুখনকৈ গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট কথা শিল্পী হোমেন বৰগোহাঞিয়ে।
উল্লেখ্য, আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট বুৰঞ্জীবিদ ডঃ ৰাজেন শইকীয়া, আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সাহিত্যিক ডঃ বসন্ত কুমাৰ গোস্বামী।
ডঃ নন্দ সিং বৰকলাৰ দ্বাৰা ৰচিত ‘চিৰযুগমীয়া ঢৌ তুলি’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি হোমেন বৰগোহাঞিয়ে কয় যে অসম আৰক্ষী এক বিশেষ গৌৰৱৰ অধিকাৰী। তাহানিৰ ৰাই বাহাদুৰ আনন্দ চন্দ্ৰ আগৰৱালাৰ পৰা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু বৰ্তমানৰ ডঃ নন্দ সিং বৰকলালৈকে অসম আৰক্ষীত যথেষ্টসংখ্যক সু-সাহিত্যিকে নিজৰ সাহিত্য কৰ্মৰে সমাজলৈ বৰঙণি আগবঢ়াইছে।
আনহাতে সভাত উপস্থিত থকা বিশিষ্ট বুৰঞ্জীবিদ তথা প্ৰখ্যাত সাহিত্যিক ডঃ ৰাজেন শইকীয়াই দেশ তথা অসমৰ সন্মুখত দোদুল্যমান হৈ থকা বিষয় কেইটিমানৰ ওপৰত আলোকপাত কৰে।
উল্লেখ্য, আজিৰ এই অনুষ্ঠানৰ পূৰ্বে মৰিগাঁও আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ প্ৰচেষ্টাত স্থাপন কৰা সাহিত্যৰথী পুথিভঁৰালৰ দ্বাৰ মুকলি কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে আৰক্ষী অধীক্ষকৰ এই প্রচেষ্টাৰো শলাগ লয়।