নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ য়েমেনৰ হুঠি বিদ্রোহীক সদায় ছৌদি আৰবে সন্ত্রাসবাদী সংগঠন হিচাপে গণ্য কৰিব৷ ৰাষ্ট্রসংঘত থকা ছৌদি আৰবৰ স্থায়ী কূটনীতিকগৰাকীয়ে এই কথা ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে আমেৰিকাৰ নৱনির্বাচিত ৰাষ্ট্রপতি জ’ বাইডেনে য়েমেনত চলি থকা হুঠি বিদ্রোহীবিৰোধী ছৌদি মিত্র বাহিনীৰ যুদ্ধক পুনৰ সমর্থন নজনায় বুলি ঘোষণা কৰিছে যদিও হুঠি সন্দর্ভত ছৌদি আৰবে পূর্বৰ স্থিতি অক্ষত ৰখাৰ সিদ্ধান্ত লৈছে৷ ইফালে আমেৰিকাই আগন্তুক ১৬ ফেব্রুৱাৰীৰ পৰা হুঠি বিদ্রোহী গোটক দি থকা সন্ত্রাসবাদী সংগঠনৰ আখ্যা প্রত্যাহাৰ কৰিব বুলি মার্কিন বিদেশ সচিব এণ্ট’নী ব্লিনকেনে ঘোষণা কৰিছে৷ আমেৰিকাই নিজৰ স্থিতি সলনি কৰিলেও ছৌদি আৰবে য়েমেনৰ হুঠি বিদ্রোহী সন্দর্ভত পূর্বৰ দৃষ্টিভংগী সলনি নকৰাৰ সিদ্ধান্ত লোৱাটো বিশেষ তাৎপর্যপূর্ণ ঘটনা হিচাপে চিহ্ণিত হৈছে৷ ৰাষ্ট্রসংঘত থকা ছৌদি কূটনীতিক আব্দুল্লা আল–মুৱাল্লামিৰ বক্তব্যৰ উদ্ধৃতি দি দেশখনৰ আছার্ক নিউজে এই তথ্য সদৰী কৰিছে৷ স্মর্তব্য যে ইৰান সমর্থিত হুঠি বিদ্রোহীৰ বিৰুদ্ধে য়েমেনত ছৌদি মিত্র বাহিনীয়ে চলাই থকা যুদ্ধৰ ফলত দেশখনত ভয়াৱহ দুর্ভিক্ষই দেখা দিছে৷ কেইবানিযুতো লোক দেশখনত দুর্ভিক্ষৰ সন্মুখীন হৈছে৷