নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইকমাণ্ডে বিচাৰিলে মুখ্যমন্ত্রী হোৱাত মোৰ আপত্তি নাইঃ গৌৰৱ গগৈ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ কংগ্রেছে গ্রহণ কৰা ‘অসম বচাওঁ আহক’ যাত্রা কার্যসূচীৰ অংশ হিচাপে আজি নলবাৰী জিলাত উপস্থিত হৈ সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক তথা প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰখনৰ কাম–কাজক ক্ষুৰধাৰ সমালোচনা কৰে৷ জিলাখনৰ নলবাৰী বিধানসভা সমষ্টিত আজি পুৱাৰ ভাগত সাংসদ গগৈয়ে এই কার্যসূচীৰ শুভাৰম্ভণি কৰে৷ সাংসদ গৌৰৱ গগৈয়ে প্রাক্তন মন্ত্রী ৰকিবুল হুছেইন, অসম প্রদেশ কংগ্রেছৰ অন্যতম সাধাৰণ সম্পাদক প্রদ্যুৎ ভূঞাক লগত লৈ বালিলেছাৰ ৰজাদিনীয়া শ্রীশ্রীকালী দেৱালয়ত প্রার্থনা কৰি দেৱালয় পৰিচালনা সমিতিৰে মত বিনিময় কৰে৷ ইয়াৰ পিছতে তেওঁলোকে নলবাৰীৰ মহেন্দ্র নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়লৈ আহি অধ্যক্ষ, শিক্ষক গোট, শিক্ষার্থী আৰু বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ সৈতে বার্তালাপ কৰে৷ কংগ্রেছ দলটোৱে বিশিষ্ট সাহিত্যিক তথা ‘নলবাৰী ৰত্ন’ ড০ বসন্ত কুমাৰ ভট্টাচার্যৰ বাসভৱনলৈ গৈ বিভিন্ন বিষয়ত আলোচনা কৰে৷ বিজেপিক ৰোধ কৰাৰ স্বার্থত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ লগত একেলগে প্রচাৰ চলাবলৈও মন আছে বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে৷ তেওঁ স্পষ্টভাৱে কয় যে চৰকাৰ আহিলে আৰু দলৰ হাইকমাণ্ডে বিচাৰিলে মুখ্যমন্ত্রী হোৱাত মোৰ আপত্তি নাই৷

ইপিনে, পিতৃ প্রয়াত তৰুণ গগৈক অনুসৰণ কৰি নলবাৰী এম এন চি কলেজত সৰস্বতী পূজাত সেৱা লয় গৌৰৱ গগৈয়ে৷ ইয়াৰ পিছত তেওঁ প্রাক্তন মন্ত্রী ৰকিবুল হুছেইন আৰু নীলমণি সেন ডেকাক লগত লৈ ধর্মপুৰ সমষ্টিত উপস্থিত হৈ ৰাজ্যৰ পৰিবহণ আৰু উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক প্রত্যাহ্বান জনাই কংগ্রেছৰ নির্বাচনী প্রচাৰ চলায়৷ পদযাত্রা কৰি আহি কংগ্রেছৰ দলটোৱে ধর্মপুৰ সমষ্টিৰ বেলশৰৰ ইতিহাসপ্রসিদ্ধ বিল্বেশ্বৰ দেৱালয়ৰ সন্মুখত উপস্থিত হৈ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পিছতেই বেলশৰৰ ই–ৰিক্সা চালক ৰবীন মেনাৰ বাসগৃহত দুপৰীয়াৰ আহাৰ গ্রহণ কৰাৰ লগতে একাংশ শিক্ষাবিদৰ সৈতে তেওঁলোকে মত বিনিময় কৰে৷

বিয়লি সমষ্টিটোৰ বাটসৰত উপস্থিত হৈ পশ্চিম নলবাৰী ব্লক কংগ্রেছ কমিটীৰ উদ্যোগত ব্লক কংগ্রেছৰ সভাপতি বিকুল তালুকদাৰৰ পৌৰোহিত্যত আয়োজিত এখন সভাত ভাগ লৈ গৌৰৱ গগৈয়ে কয় যে বর্তমানৰ চৰকাৰখনে দুখীয়া মানুহৰ কষ্ট বুজিব পৰা নাই৷  চাৰিওফালে দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ চলি আছে৷ মূল্যবৃদ্ধিৰ অত্যাচাৰ চলি আছে৷ ক’ভিডৰ সময়ত হাৰাশাস্তিৰ সন্মুখীন হ’ল সাধাৰণ মানুহ৷ নিবনুৱাসকলে কর্মসংস্থাপন নাপাই কান্দি আছে৷ মহিলাসকলৰ ওপৰত মাইক্র’ ফাইনেঞ্চৰ বোজা আছে, সেইবোৰ বোজা গুচাব পৰা নাই৷ এটা নির্বাচনে আমাৰ ভৱিষ্যৎ নির্ধাৰণ কৰে৷ প্রতি পাঁচ বছৰৰ মূৰত নির্বাচন আহে৷ আগন্তুক নির্বাচনটো আমাৰ বাবে গুৰুত্বপূর্ণ নির্বাচন৷ সেয়ে এই নির্বাচনক আমি সকলোৱে গুৰুত্বসহকাৰে ল’ব লাগিব৷ আনহাতে ইয়াৰ পূর্বে আজি পুৱাৰ ভাগত দলীয় ইস্তাহাৰ প্রকাশ কৰা সম্পর্কেও নলবাৰী জিলা সাহিত্য সভাৰ কার্যালয়ত উপস্থিত হৈ সাংসদ গৌৰৱ গগৈয়ে পৰামর্শ গ্রহণ কৰে৷ ইপিনে বিজেপিৰ মন্ত্রী, বিধায়কৰ আমোদ–প্রমোদৰ বাবেই জনতাৰ ওপৰত মূল্যবৃদ্ধিৰ ৰামটাঙোন পৰিছে বুলি মন্তব্য কৰে বিধায়ক ৰকিবুল হুছেইনে৷

বিজেপিৰ জনবিৰোধী নীতিৰ বাবে এতিয়া অসমৰ জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে৷ নলবাৰীত অসম প্রদেশ কংগ্রেছৰ অন্যতম সাধাৰণ সম্পাদক প্রদ্যুৎ ভূঞা, নলবাৰী জিলা কংগ্রেছৰ সভাপতি সুৰেশ মহন্ত, জিলা মহিলা কংগ্রেছৰ সভানেত্রী পাপৰি মালাকাৰকে ধৰি কেইবাগৰাকী কংগ্রেছ নেতা উপস্থিত থাকে৷ ইয়াৰ পিছত দলটোৱে বৰক্ষেত্রী সমষ্টিত উপস্থিত হৈ অনুৰূপ কার্যসূচী ৰূপায়ণ কৰে৷

You might also like