ভাৰতত ক’ভিডৰ আফ্রিকান প্রকৰণত আক্রান্ত ৪জন
নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ ভাৰতত আফ্রিকাত পৰিৱর্তিত ক’ৰোনাৰ প্রকৰণৰ দ্বাৰা চাৰিগৰাকী লোক আক্রান্ত হৈছে৷ দক্ষিণ আফ্রিকাৰ পৰিৱর্তিত ক’ৰোনাত জানুৱাৰী মাহত দেশত চাৰিগৰাকী লোক আক্রান্ত হোৱাৰ উপৰি ফেব্রুৱাৰীৰ প্রথম সপ্তাহত ব্রাজিলত পৰিৱর্তিত ক’ৰোনাৰ প্রকৰণৰ দ্বাৰা এজন লোক আক্রান্ত হৈছে৷ কেন্দ্রীয় চৰকাৰে আজি এই তথ্য সদৰী কৰিছে৷ লক্ষণীয়ভাৱে মহাৰাষ্ট্র আৰু কেৰালাত শেহতীয়াকৈ অধিকসংখ্যক লোক ক’ৰোনাত আক্রান্ত হোৱা বুলিও সদৰী কৰিছে কেন্দ্রই৷