নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ফাগুনৰ প্ৰথম বুধবাৰ জোনাইৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে মিচিং জাতিৰ আয়ুস ৰেখা বাপতি সাহোন “আলি আ:য়ে লৃগাং” উদযাপন

গোমৰাগ চ:মান ঐনিতমৰ ধ্বনিৰে মুখৰ মিচিং গাঁৱ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : অসম অৰুণাচল ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন প্ৰান্তে প্ৰান্তে গোমৰাগ চ:মান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। জোনাই মহকুমাৰ বিভিন্ন গাৱত আজি দিনজোৰা বৰ্নাঢ্য কাৰ্যসুচীৰে উদযাপন কৰে অতীজৰ পৰা চলি অহা মিচিং জনগোষ্ঠীৰ লোকসকলৰ পৱিত্র উৎসৱ “আলি-আ:য়ে-লৃগাং”। অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ উৎসৱ আলি আ:য়ে লৃগাং (শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ) পালন কৰে । মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আ’য়ে” মানে ফল আৰু “লিগাং” মানে উৎসৱ । আলি আ:য়ে লৃগাং মানেই ফাগুণ মানেই আলি আ:য়ে লৃগাং আজি মিচিং গাঁৱ সমূহত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিবেশl গোমৰাগ চ:মান আৰু ঐনিতমৰ ধ্বনিৰে হৈ পৰিছে মিচিং অঞ্চল সমূহত l

জোনাইৰ লগতে আজি বিভিন্ন প্ৰান্তত থকা মিচিং গাঁৱসমূহত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিবেশl পুৱাৰে পৰা মিছিং ডেকা গাভৰু , বোৱাৰীৰ লগতে বয়োজোষ্ঠ সকলে একেলগে উদ্ যাপন কৰিছে অতিকৈ আপোন তথা মিছিংসকলৰ জাতীয় উৎসৱ আলি আ:য়ে লৃগাংl ফাগুনৰ প্ৰথম বুধবাৰ মিচিংসকলে শুভ দিন বুলি বিশ্বাস কৰি আলি আ:য়ে লৃগাং উৎসৱ পালন পালন কৰেl মিচিংসকলে আজিৰে পৰা পথাৰত সিঁচা শস্যক পোক পৰুৱাই যাতে খাই নষ্ট নকৰে তাৰ বাবে দ:ঞি প:ল কাৰ্চিং কাৰ্তাকক পৰম্পৰা ৰীতি নীতিৰে প্ৰৰ্থনা জনাই পথাৰত বীজ ৰোপণৰ কাৰ্য আৰম্ভ কৰে । মাঙ্গলিক কাৰ্য্যৰ পিচতে মুৰংঘৰত একেলগে বহি পুৰাং আপিন , পুৰা গহৰি মাংস, আদা নহৰু শুকান মাছৰ চাটনিৰ লগত প:ৰ আপঙৰ জুতি লয় বুঢ়া- বুঢ়ী ডেকা-গাভৰু , বোৱাৰী সকলোৱে৷ ইফালে জোনাইৰ গালী মেছাকী গাঁৱতো আলি আঃয়ে লিগাং উদযাপনৰ দৃশ্য। পুৱাৰে পৰা জোনাইৰ গালী মেছাকী গাঁৱৰ ডেকা-গাভৰ, বােৱাৰীৰ লগতে শিশুৰ পৰা বয়ােজ্যোষ্ঠলৈ এনেদৰে একেলগে উদযাপন কৰিছে মিচিংসকলৰ অতিকৈ আপােন তথা মিচিংসকলৰ জাতীয় উৎসৱ আলি আয়ে লিগাং । আজিৰে পৰা গোমৰাগ চ:মান ঐনিতম কাবানেৰে মুখৰিত হৈ পৰিছে মিচিং গাঁৱসমূহত। আনহাতে জোনাইৰ পুৰণা জেলম , কেমি, লেকু, মুৰ্কংচেলেক, তৰাজান, আগাম দলুং , মিগম দলুং, ৰতকে, মহমৰাহ, কুলি গাৱ, ৰোৱাদ দলুং , বিজয়পুৰ , জোনেকৰেং, চমকং , লামুন জান, অন্নপুৰ, ৰাউণ্ড, মিছামৰা, কাৰিচুক, নামকিৰ , ডেকাপাম, লাইমেকুৰী, আমলক্ষী পাইত, টেলাম, ৰামধন, মিলনপুৰ, বৰবালি, গালি চিকাৰী, শান্তিপুৰ, চিৰামপুৰীয়া, ঐৰাম ঘাট, চিৰুং, ডিমৌ, ডিপা আদি বিভিন্ন মিচিং বসতিপ্ৰধান গাঁৱসমূহত অতি উলস মালহেৰে আলি আ:য়ে লৃগাং উৎসৱ পালন কৰেl

You might also like