ড০ হিমন্ত বিশ্ব শর্মা শ্রেষ্ঠ সমস্যা সমাধানকাৰী, উত্তৰ পূব–দিল্লীৰ মাজৰ এক সাঁকো
‘এটা সপোনৰ পম খেদি’ উন্মোচন মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ আন্তঃৰাজ্যিক সমস্যাৰে জর্জৰ উত্তৰ–পূবৰ ৰাজ্যসমূহক একত্রিত কৰাৰ আঁৰৰ ব্যক্তিজন হ’ল ড০ হিমন্ত বিশ্ব শর্মা৷ ড০ শর্মাৰ বাবেই এক উত্তম সময়ত উপনীত হৈছে উত্তৰ–পূবৰ প্রতিখন ৰাজ্য৷ এই মন্তব্য মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ৷ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ চতুর্থসংখ্যক গ্রন্থ ‘এটা সপোনৰ পম খেদি’ উন্মোচন কৰি বুধবাৰে এই মন্তব্যৰে ড০ শর্মাৰ প্রশংসাত পঞ্চমুখ হৈ পৰে মেঘালয়ৰ মুখ্যমন্ত্রী চাংমা৷ মহানগৰীৰ তাজ ভিভাণ্টা হোটেলত আবেলি আয়োজিত এক আড়ম্বৰপূর্ণ অনুষ্ঠানত ‘এটা সপোনৰ পম খেদি’ গ্রন্থখন উন্মোচন কৰি দিয়া ভাষণত কনৰাড চাংমাই কয়– ৰাজনৈতিক জীৱনত মই বহু ৰাজনীতিবিদক লগ পাইছোঁ, তেওঁলোকক ওচৰৰ পৰা চোৱাৰ সুবিধা পাইছোঁ৷ কিন্তু এনে ৰাজনৈতিক নেতাসকলৰ মাজত ড০ হিমন্ত বিশ্ব শর্মা বিৰল৷ তেওঁ হ’ল শ্রেষ্ঠ সমস্যা সমাধানকাৰী৷ যেতিয়া আমি সমস্যাত ককবকাই থাকোঁ, ড০ শর্মা উপস্থিত হৈ অতি সহজে এই সমস্যাৰ সমাধান সূত্র উলিয়ায়৷ একপ্রকাৰ ক’বলৈ গ’লে তেওঁৰ হাতত আছে সকলো সমস্যাৰ সমাধান৷ এজন ৰাজনীতিবিদৰ থাকিব লগা সকলো গুণেই তেওঁৰ আছে৷ আটাইতকৈ ডাঙৰ গুণটো হ’ল তেওঁৰ বক্তব্যত কোনো অস্পষ্টতা নাই৷ যি বিষয়ৰ ওপৰত কথা কয়, তাৰ ওপৰত সম্পূর্ণ জ্ঞান থাকে আৰু তেওঁৰ বক্তব্যৰ পৰা ইয়াক প্রতিষ্ঠা কৰিবলৈ সক্ষম হয়৷ এনে নেতা যথেষ্ট বিৰল৷ বহু সময়ত ৰাজনীতিত আহি পৰা সংকেটত আমি অসহায় হৈ পৰোঁ৷ কিন্তু এনে অসহায় অৱস্থাতো ড০ শর্মাৰ ওচৰত সমাধানৰ পথ থাকে৷
ৰাজনীতিত ড০ শর্মাই বুজাবুজি অথবা সমাধানৰ সূত্র উলিয়ায়৷ দীর্ঘদিনীয়া বন্ধুত্বৰ প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রী চাংমাই কয় যে ৰাজনীতিৰ সকলো কৌশল তেওঁৰ হাতত আছে৷ ২০০৯ চনত মেঘালয় চৰকাৰ যেতিয়া সংকটত পৰিছিল, তেতিয়া ড০ শর্মাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ তেওঁ চৰকাৰ গঠন কৰিবও পাৰে, ভাঙিবও পাৰে৷ মুখ্যমন্ত্রী চাংমাই কয়– ১২ বছৰৰ পৰাই মই মোৰ পিতৃক দেখিছিলোঁ৷ তেওঁ মোৰ শিক্ষক, অভিভাৱক আৰু ৰাজনৈতিক গুৰু আছিল৷ কিন্তু মোৰ পিতৃৰ মৃত্যুৰ পাছত ৰাজনৈতিক গুৰু হিচাপে ড০ শর্মা থিয় হৈছিল৷ বহু সময়ত ড০ শর্মাৰ ৰাজনীতিৰ বাবে আমাৰ দলৰ একাংশই মোক তেওঁৰ সংগ এৰিবলৈ কয়৷ বিশেষকৈ চুবুৰীয়া ৰাজ্য মণিপুৰত নির্বাচনী সভাত ড০ শর্মাই এন পি পি সম্পর্কে কৰা মন্তব্যৰ পাছত মোৰ সতীর্থই ড০ শর্মাৰ ওচৰলৈ অহা–যোৱাৰ ওপৰত প্রশ্ণ তুলিছিল৷ কিন্তু মই কৈছিলোঁ এয়া ড০ শর্মাৰ ৰাজনৈতিক বক্তব্যহে৷ তেওঁ হূদয়ৰ পৰা কোৱা বক্তব্য নহয়৷ পৰিয়ালৰ এজন সদস্য হিচাপে মই আজি ইয়াত উপস্থিত হৈছোঁ৷ উত্তৰ–পূবৰ ৰাজনীতিৰ প্রসংগ উল্লেখ কৰি কনৰাড চাংমাই কয়– উত্তৰ–পূবৰ ৰাজনীতিত ড০ শর্মাই যিমান ভূমিকা গ্রহণ কৰিছে, সেয়া আন কোনেও কৰা নাই৷ বর্তমান সময় উত্তৰ–পূবৰ বাবে এক উত্তম সময় আৰু এই পৰিৱেশ গঢ়ি উঠাৰ আঁৰত আছে ড০ শর্মাৰ বিশেষ অৰিহণা৷ মুখ্যতঃ উত্তৰ–পূব আৰু দিল্লীৰ মাজত এক সাঁকো হিচাপে পৰিগণিত হৈছে ড০ হিমন্ত বিশ্ব শর্মা৷ ৰাজ্যসমূহৰ মাজত উদ্ভৱ হোৱা যিকোনো সমস্যা আমি এতিয়া ব্যক্তিগতভাৱে সমাধান কৰিব পৰা পৰিৱেশত থিয় হৈছোঁ৷ আজিৰ গ্রন্থ উন্মোচনী অনুষ্ঠানত থাকিবলৈ পাই নিজকে ধন্য মনা কনৰাড চাংমাই ‘এক সপোনৰ পম খেদি’ গ্রন্থখন ইংৰাজীলৈ অনুবাদ কৰি পঢ়িবলৈ চেষ্টা কৰিব বুলিও উল্লেখ কৰে৷
অনুষ্ঠানত উপস্থিত থাকি বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে কয় যে ড০ শর্মা হ’ল এজন অত্যন্ত জনপ্রিয় ৰাজনীতিবিদ৷ নতুন প্রজন্মই তেওঁৰ পৰা ৰাজনীতি, অর্থনীতি আৰু সমাজনীতিৰ বিষয়ে শিকিবলৈ বহু কথা আছে৷ অধ্যক্ষগৰাকীৰ মন্তব্য– ড০ হিমন্ত বিশ্ব শর্মাই যি কার্যত হাত দিয়ে, তাক সফল নকৰাকৈ ক্ষান্ত নহয়৷ তেওঁৰ সাহিত্য প্রতিভা, চিন্তাৰ স্পষ্টতা, আর্তজনৰ প্রতি তেওঁৰ দায়বদ্ধতা তেওঁৰ বত্তৃণতাত লুকাই থাকে৷ তেওঁৰ বহু কথাই হূদয় চুই যায়৷ ড০ শর্মাৰ মতৰ সৈতে অমিল হ’ব পাৰে, কিন্তু তেওঁক কোনেও অগ্রাহ্য কৰিব নোৱাৰে৷ অসম বিধানসভাৰ সদনত অধ্যক্ষ ৰূপে মই তেওঁক সেই পঢ়াশালিৰ শ্রেষ্ঠ ছাত্র ৰূপে ঘোষণা কৰিছোঁ৷ ইয়াৰ পূর্বে অনুষ্ঠানত ভাষণ প্রদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ড০ শর্মাক ভাৰতৰ ৰাজনীতি জগতৰ এক উজ্জ্বল নক্ষত্র বুলি মন্তব্য কৰে৷ ৰঞ্জিত দাসে কয়– তেওঁৰ বক্তব্যৰ স্পষ্টতা আৰু সমস্যাৰাজিক সৰলভাৱে সমাধানৰ যি পাৰদর্শিতা, সেয়া মই বিগত ১০টা বছৰত ওচৰৰ পৰা প্রত্যক্ষ কৰিছোঁ৷ ড০ শর্মা হ’ল এক জ্ঞানৰ ভাণ্ডাৰ৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ প্রথমটো বাজেট বক্তব্যত আঢ়ৈ ঘণ্টা তেওঁৰ যি তথ্য সম্বলিত, সকলো বিষয় সামৰি ভাষণ দাঙি ধৰিলে, মই মন্ত্রমুগ্ধ হৈছিলোঁ৷ ড০ শর্মাৰ বহু ভাষণ মই শুনিছোঁ যদিও শেহতীয়াকৈ এটা ভাষণ শুনাৰ মোৰ সৌভাগ্য নহ’ল৷ স্বামী বিবেকানন্দৰ ওপৰত তেওঁ যি জ্ঞানসমৃদ্ধ ভাষণ আগবঢ়ালে, সেয়া নতুন প্রজন্মৰ বাবে গৱেষণা তথা চর্চাৰ বিষয়৷ অর্থশাস্ত্রই হওক, আইন, চিকিৎসা বা আন যিকোনো বিষয়ত তেওঁৰ জ্ঞান অপৰিসীমিত৷ এক দীঘলীয়া ৰাজনৈতিক জীৱন তথা সামাজিক জীৱনৰ বাবে মই তেওঁক শুভেচ্ছা জনাইছোঁ৷
আনহাতে, চতুর্থ গ্রন্থখন সন্দর্ভত লেখক হিচাপে নিজৰ অনুভৱ ব্যক্ত কৰি আজিৰ অনুষ্ঠানত ড০ শর্মাই কয়– অসমৰ ৰাজনীতিত দীর্ঘদিন থকাৰ পাছত যোৱা ৫টা বছৰত এক অন্যান্য অভিজ্ঞতা আছিল আৰু এটা সপোনক বাস্তৱত ৰূপায়িত কৰাৰ এক অদ্ভুত প্রচেষ্টা হাতত লৈছিলোঁ৷ এই গ্রন্থখনত ২৫টা মোৰ বত্তৃণতা আছে৷ য’ত অসম বিধানসভাৰ মজিয়াত বাজেটৰ ওপৰত দিয়া উত্তৰৰ জৰিয়তে এখন সর্বশ্রেষ্ঠ অসমৰ পৰিকল্পনা আমি ৰাইজৰ ওচৰত ৰাখিছোঁ৷ বিকাশ আৰু সমৃদ্ধিৰে আকাশ চুবৰ যি মন, যি মোৰ কল্পনা, তাক বাস্তৱত ৰূপায়িত কৰাৰ সপোন দেখিছিলোঁ৷ বিধানসভাৰ মজিয়াত গতানুগতিক ধাৰাৰ পৰা আঁতৰি গৈ নাগৰিকত্ব সংশোধনী আইন আদিৰ দৰে বিষয়ৰ ওপৰত নিজৰ স্থিতিৰ পৰা আঁতৰি নগৈ আমি কেনেকৈ আমাৰ চিন্তাধাৰা ৰাইজৰ ওচৰত দাঙি ধৰিম, সেই বক্তব্যসমূহ এই গ্রন্থখনত সন্নিৱিষ্ট কৰা হৈছে৷ এই চৰকাৰখনৰ যোৱা তিনিটা বছৰত আমাৰ সভ্যতা–সংস্কৃতিৰ ওপৰত এক নতুন দিশৰ পৰা আক্রমণৰ উমান পাইছিলোঁ৷ এই সংক্রান্তত বিজেপিৰ মঞ্চৰ পৰা ৰাইজৰ বাবেই হওক বা দলৰ কার্যকর্তাসকলৰ বাবেই হওক, দিয়া কেইবাটাও বত্তৃণতা এই গ্রন্থখনত সন্নিৱিষ্ট কৰা হৈছে৷ এই গ্রন্থখনত ক’ভিড–১৯ৰ সময়ত অসমে কি ধৰণে এই মহামাৰীৰ সৈতে যুদ্ধ কৰিছিল, তাৰ এটা সম্যক ৰূপৰেখা কেইটামান ভাষণৰ মাজেৰে সন্নিৱিষ্ট কৰা হৈছে৷ এই গ্রন্থখনত মই বিজেপিত যোগদান কৰাৰ সেই স্মৰণীয় দিনটোত প্রদান কৰা বক্তব্য আৰু স্বামী বিবেকানন্দৰ দৃষ্টিভংগীৰে ভাৰতীয় ৰাষ্ট্রবাদৰ যি কল্পনা, তাক সন্নিৱিষ্ট কৰা হৈছে৷ অসমৰ শিক্ষা জগতত যোৱা পাঁচটা বছৰত আমি যি নৱজাগৰণৰ প্রচেষ্টা হাতত লৈছিলোঁ, তাৰ কেইটামান বিশেষ বত্তৃণতা গ্রন্থখনত উল্লেখ কৰা হৈছে৷ এই গ্রন্থখনৰ জৰিয়তে মই মোৰ আন এক ধাৰণা বা আৱেগিক সম্বন্ধৰ কথা উল্লেখ কৰিছোঁ৷ আজি যদি মই সংসদীয় ৰাজনীতিত আছোঁ, ইয়াৰ আঁৰৰ শক্তি হ’ল মোৰ জালুকবাৰী সমষ্টিৰ ৰাইজ৷ যি সময়ত মই জালুকবাৰীৰ বিধায়ক হৈছিলোঁ, সেই সময়ত অসমত কোনো লোকেই কল্পনা কৰিব পৰা নাছিল যে কোনোবা এজন ব্যক্তিয়ে ভৃগু কুমাৰ ফুকনক পৰাস্ত কৰিব পাৰিব৷ সেই সময়ত কংগ্রেছ দলৰ এজন প্রার্থী জয়যুক্ত হোৱাটো সম্ভৱ নাছিল৷ প্রতিকূলতা আৰু বিভিন্ন ধৰণৰ ঘটনাৰ মাজত আজি মই যি স্থানত থিয় হৈ আছোঁ, সেয়া জালুকবাৰী সমষ্টি ৰাইজৰ মোৰ প্রতি থকা এক অদ্ভুত আস্থাৰ বাহিৰে আন একো নহয়৷ মোৰ এই গ্রন্থখন জালুকবাৰী সমষ্টিৰ ৰাইজৰ শ্রীচৰণত উৎসর্গা কৰিছোঁ৷ ক’ৰবাত নহয় ক’ৰবাত মোৰ ব্যক্তিগত জীৱনৰ ঋণ পূৰণৰ অত্যন্ত ক্ষুদ্র প্রচেষ্টা এটা হাতত লৈছোঁ৷ এই গ্রন্থখনৰ জৰিয়তে বিজেপিয়ে অসম তথা উত্তৰ–পূবক আগুৱাই নিয়াৰ যি এক প্রচেষ্টা চলাইছে, তাৰ এক উমান দিয়া হৈছে৷ এক সুস্থিৰ জাতীয়তাবাদৰ মাজেৰে অসমত কেনেদৰে ৰাষ্ট্রবাদৰ শক্তি আমি নির্মাণ কৰিব পাৰোঁ, তাৰ উমান দিয়া হৈছে আৰু ক’ভিড–১৯ৰ অভূতপূর্ব পৰিৱেশৰ বিষয়ে উল্লেখ কৰা হৈছে৷
উল্লেখ্য যে ২০১৪ চনত ড০ হিমন্ত বিশ্ব শর্মাৰ প্রথমখন গ্রন্থ ‘সমাগত সময়’ প্রকাশ পাইছিল৷ ‘সমাগত সময়’ আৰু ২০১৬ চনত প্রকাশ পোৱা তেওঁৰ ‘অন্য এক দৃষ্টিকোণ’ গ্রন্থ দুখনে ৰাইজৰ সীমাহীন সমাদৰ লাভ কৰিছে৷ ‘সমাগত সময়’ গ্রন্থখনৰ ইতিমধ্যে ৮টা সংস্কৰণ প্রকাশ পাইছে৷ ড০ শর্মাৰ তৃতীয়খন গ্রন্থ ‘ভিন্ন সময় অভিন্ন মত’৷ এই গ্রন্থখনেও ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে৷ সুকীয়া ৰস আৰু মৌলিক বিষয়ক লৈ সৰস্বতী প্রকাশনে প্রকাশ কৰি উলিওৱা চতুর্থখন সৃষ্টি ‘এটা সপোনৰ পম খেদি’ গ্রন্থখনেও যে পাঠক সমাজৰ অভূতপূর্ব সমাদৰ লাভ কৰিব, তাত কোনো সন্দেহ নাই৷ আজিৰ আড়ম্বৰপূর্ণ অনুষ্ঠানটো ড০ শর্মাৰ প্রয়াত পিতৃ কৈলাশ নাথ শর্মাৰ ৰচিত আৰু সংগীতকাৰ দিগন্ত ভাৰতীৰ দ্বাৰা পৰিচালিত এক সমৱেত সংগীতেৰে শুভাৰম্ভ কৰা হয়৷ গ্রন্থ উন্মোচক ৰূপে উপস্থিত থকা মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাক প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাঃ লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই এখন চাদৰ আৰু এটি ফুলৰ থোপাৰে আদৰণি জনায়৷ আনহাতে, হিতেন্দ্রনাথ গোস্বামীক নন্দিল শর্মা আৰু ৰঞ্জিত দাসক সুকন্যা শর্মাই সম্ভাষণ জনায়৷ অনুষ্ঠানত ড০ শর্মাৰ মাতৃ তথা অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱী, আৰক্ষী সঞ্চালকপ্রধাান ভাস্কৰজ্যোতি মহন্ত, সাহিত্য সভাৰ প্রাক্তন সভাপতি ধ্রুৱজ্যোতি বৰা, পৰমানন্দ ৰাজবংশী আদিকে ধৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷