২২০ বছৰ পূর্বৰ গণকবৰত ব্রিটিছ যোদ্ধাৰ মৃতদেহ
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ২২০ বছৰ পূর্বে ফৰাচী বিপ্লৱী বাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰা ৮১জন ব্রিটিছ সৈনিকৰ মৃতদেহৰ অৱশিষ্ট নেদাৰলেণ্ডৰ এটা প্রাসাদৰ সমীপৰ খাৱৈৰ পৰা উদ্ধাৰ কৰা হৈছে৷ গৱেষকসকলে প্রকাশ কৰিছে এই তথ্য৷ ১৭৯২ৰ পৰা ১৯৯৭ চনলৈ ফৰাচী বিপ্লৱী বাহিনীৰ বিৰুদ্ধে যুদ্ধত এই সৈনিকসকলে প্রাণ হেৰুৱাইছিল৷ সৈনিকসকলৰ বয়স আছিল ১৫ৰ পৰা ৩০ বছৰ৷ প্রত্নতাত্ত্বিকসকলে পূর্বে এই গণকবৰক মধ্যযুগৰ যুদ্ধৰ গণকবৰ বুলি প্রথমে সন্দেহ কৰিছিল৷
কাৰণ মৃতদেহবোৰৰ অৱশিষ্টত ব্লেড আৰু অন্যান্য অস্ত্রৰ কটা চিহ্ণ স্পষ্ট হৈ আছে৷ কিন্তু শেহতীয়াকৈ কেইবাগৰাকীও বিশেষজ্ঞ প্রত্নতাত্ত্বিকে মৃতদেহবোৰৰ ওপৰত পৰীক্ষা চলাই এয়া ২২০ বছৰ পূর্বৰ যুদ্ধৰ ব্রিটিছ সৈনিকৰ মৃতদেহ বুলি নিশ্চিত কৰিছে৷ নেদাৰলেণ্ডৰ ভিয়ানেন চহৰৰ গণকবৰত এই মৃতদেহবোৰ উদ্ধাৰ হোৱাৰ পিছতে সেই সময়ত কোন ব্রিটিছ যোদ্ধাই ফৰাচী বিপ্লৱী বাহিনীৰ বিৰুদ্ধে যুদ্ধত অংশগ্রহণ কৰিছিল তাক লৈ এতিয়া চলিছে গৱেষণা৷