নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্ৰাসবাদীৰ দ্বাৰা পৰিচালিত মাদ্ৰাছাৰ তথ্য দিয়ক

পাকিস্তান চৰকাৰৰ বিৰুদ্ধে কঠোৰ গোলকীয় সংস্থা এফএটিএফ

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ সন্ত্রাসবাদত পুঁজি যোগান ধৰা বিষয় লৈ পাকিস্তানৰ বিৰুদ্ধে তীক্ষ্ণ নজৰ ৰখা ফাইনানছিয়েল এক্সন টাস্ক ফ’চ (এফএটিএফ)–এ নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠনৰ দ্বাৰা পৰিচালিত মাদ্রাছা সন্দর্ভত তথ্য বিচাৰিছে দেশখনৰ চৰকাৰে৷ পেৰিছস্থিত সংস্থাটোৱে ২০২০ চনলৈকে পাকিস্তানক ‘গ্রে লিষ্ট’ত ৰাখিছে৷ ইতিমধ্যে সংস্থাটোৰ তৰফৰ পৰা ইছলামাবাদলৈ ২৭টা প্রশ্ণৰ এখন তালিকা প্রেৰণ কৰা হৈছে৷ ২২টা বিভিন্ন দিশ আঙুলিয়াই এই প্রশ্ণসমূহ আগবঢ়াইছে এফএটিএফে৷ এই প্রশ্ণসমূহৰ উত্তৰ দিব নোৱাৰিলে এফএটিএফে পাকিস্তানক ‘ব্লেক লিষ্ট’ত অন্তর্ভুক্ত কৰিব বুলিও ভাবুকি দিছে৷ উল্লেখনীয় যে মাত্র কেইসপ্তাহমান পূর্বে এফএটিএফত এক প্রতিবেদন দাখিল কৰিছিল পাক চৰকাৰে৷ কিন্তু ইমৰান খান নেতৃত্বাধীন পাক চৰকাৰৰ এই প্রতিবেদনক লৈ সন্তুষ্ট নহয় গোলকীয় সংস্থাটো৷ বিশেষকৈ নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠনে পৰিচালনা কৰি থকা মাদ্রাছাবোৰ সন্দর্ভত সবিশেষ তথ্য এতিয়াও সদৰী কৰা নাই চৰকাৰে৷ গতিকে সন্ত্রাস প্রতিৰোধৰ ক্ষেত্রত পাকিস্তানক অধিক কঠোৰ পদক্ষেপ ল’বলৈ আহ্বান জনাই পুনৰ উত্তৰ বিচাৰিছে সংস্থাটোৱে৷ সংস্থাটোৰ এই প্রশ্ণৰ উত্তৰ দিব নোৱাৰিলে সংকটত পৰিব ইমৰান খান চৰকাৰ৷ অর্থাৎ এফএটিএফে পাকৰ বিৰুদ্ধে গ্রহণ কৰা কঠোৰ স্থিতি ইয়াৰ জৰিয়তে স্পষ্ট কৰি দিছে৷

You might also like