অসমত বিধানসভাৰ নির্বাচনলৈ বেছিদিন নাই৷ নির্বাচনৰ দিন ঘোষণা নৌহওঁতেই বিভিন্ন ৰাজনৈতিক দলে প্রচাৰ অভিযান আৰম্ভ কৰিছে৷ এইবাৰৰ বিধানসভা নির্বাচন আৰু তাৰ ফলাফল অতি উত্তেজনাপূর্ণ হোৱাৰ সম্ভাৱনা আছে৷ কিন্তু বিভিন্ন দলৰ নির্বাচনী প্রচাৰ অভিযানত কোনোধৰণৰ ৰাজনৈতিক বিতর্ক–জনিত বৌদ্ধিক উত্তেজনা এতিয়ালৈকে শুনিবলৈ বা দেখিবলৈ পোৱা নাই৷
শুনা গৈছে কেৱল ভাওনাৰ ভীম–বকাসুৰৰ আস্ফালন৷ নির্বাচনী প্রচাৰৰ উদ্দেশ্যে দিয়া বক্তৃতাবোৰত মানুহে শুনিবলৈ আশা কৰে ৰাজনৈতিক তর্কযুদ্ধ বিৰোধী দলবোৰে শাসক দলৰ পৰা শুনিবলৈ বিচৰা উচিত পাঁচ বছৰৰ আগতে হোৱা নির্বাচনৰ ঠিক আগে আগে শাসক দলে প্রকাশ কৰা প্রতিশ্রুতিবোৰৰ কিমানখিনি পূৰণ কৰা হ’ল আৰু কিমানখিনি অপূৰণ হৈ ৰ’ল৷
ক্ষমতাপ্রয়াসী বিৰোধী দলবোৰেও ৰাইজে বুজি পোৱাকৈ ঘোষণা কৰা উচিত তেওঁলোকৰ নির্বাচনী প্রতিশ্রুতি৷ শাসক দলক ক্ষমতাচ্যুত কৰি বিৰোধী দলক কিয় ৰাজ্যখনৰ শাসন ক্ষমতা দিব লাগিব সেই কথাও বিৰোধী দলবোৰে ৰাইজে বুজি পোৱা সৰল আৰু দ্ব্যর্থহীন ভাষাত ক’ব পৰা উচিত৷ সঁচা কথা ক’বলৈ গ’লে একমাত্র সেইটোৱেই হোৱা উচিত নির্বাচনী প্রচাৰ অভিযানৰ প্রধান লক্ষ্য৷
কিন্তু এইবাৰ নির্বাচনত অংশ ল’ব খোজা আটাইকৈইটা প্রধান ৰাজনৈতিক দলৰ মুখত শুনা গৈছে কেৱল এটা মাত্র বাক্যঃ আমি ১০০খনতকৈ বেছি আসনত জিকিম৷ প্রত্যেকটো দলৰ মুখত বাৰম্বাৰ শুনা গৈছে কেৱল একেটা ঘোষণা– আমি ১০০খনতকৈ বেছি আসনত জিকিম৷ যেন বিপুল সংখ্যাধিক্য পাই ক্ষমতা দখল কৰাটোৱেই ৰাজনৈতিক দলবোৰৰ তথা নির্বাচনৰ প্রার্থীসকলৰ একমাত্র লক্ষ্য৷
নির্বাচনী তর্কযুদ্ধই স্বাভাৱিকতেই কিছু উত্তাপ সৃষ্টি কৰে৷ কিন্তু নির্বাচনী তর্কযুদ্ধই উত্তাপতকৈ বহু বেছি পৰিমাণে সৃষ্টি কৰা উচিত পোহৰ৷ এইবাৰৰ নির্বাচনী তর্কযুদ্ধত উত্তাপ যিমান সৃষ্টি হৈছে তাৰ তুলনাত পোহৰৰ পৰিমাণ নগণ্য৷ কোনো এজন প্রার্থীৰ মুখত বা বিভিন্ন দলৰ ৰাজনৈতিক নেতাৰ মুখত আজিলৈকে কোনেও এনে এষাৰ কথা শুনা নাই যিটো কথাই তেওঁলোকক বিন্দু পৰিমাণৰ চিন্তাৰ খোৰাক দিব পাৰে৷
আটাইবোৰ ৰাজনৈতিক দলৰ নেতা আৰু প্রার্থীসকলৰ নির্বাচনী বত্তৃণতাবোৰ বিশ্লেষণ কৰি এটা মাত্র সিদ্ধান্তলৈ আহিব পাৰিঃ সেইটো হ’ল এই যে কোনো এজন ৰাজনৈতিক নেতাৰ মগজত এনে এষাৰ কথা নাই– যিষাৰ কথা তেওঁলোকৰ মুখেদি ওলাই ৰাইজক কিবা এটা চিন্তাৰ খোৰাক দিব পাৰে আৰু ভোটৰ বিনিময়ত ৰাইজে এই দলবোৰৰ পৰা কি পাবলৈ আশা কৰিব পাৰে৷ একে আষাৰে ক’বলৈ গ’লে সমস্ত নির্বাচনী অভিযানটোৱেই কেৱল ক্ষমতাকেন্দ্রিক আৰু ক্ষমতাসর্বস্ব৷
প্রতিটো ৰাজনৈতিক দলৰ নেতাসকলৰ এটাই মাত্র বক্তব্য– ‘আমি ১০০খন বা তাতোকৈ বেছি আসন পাম৷’ বাৰম্বাৰ এই একেটা মাত্র বাক্য কৈ থাকিবলৈ বিশেষ বুদ্ধি বৃত্তিৰ একো প্রয়োজন নাই প্রয়োজন মাত্র চিঞৰিব পৰা শাৰীৰিক শক্তি৷
১৯৫৬ আৰু ১৯৬০ চনত আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ অন্যতম প্রার্থী আছিল এডলাই ষ্টিভেনচন৷ তেওঁ পৰাজিত হৈছিল কিন্তু বিজয়ী হোৱা বহুতো প্রার্থীতকৈ মানুহে আজিও বেছিকৈ মনত ৰাখিছে পৰাজিত এডলাই ষ্টিভেনচনক৷ তেওঁৰ মুখৰ পৰা ওলোৱা এটা মাত্র বাক্য প্রসংগক্রমে উদ্ধৃত কৰিব খোজোঁ৷ বিৰোধী প্রার্থীসকলৰ নির্মম আক্রমণৰ উত্তৰ দিবলৈ গৈ তেওঁ কৈছিল”I offer my opponents a bargain : if they will stop telling lies about us, I will stop telling the truth about them.” তোমালোকে যদি আমাৰ বিষয়ে মিছা কথাবোৰ ক’বলৈ বন্ধ কৰা, তেন্তে আমি তোমালোকৰ বিষয়ে সঁচা কথাবোৰ কোৱাটো বন্ধ কৰিম৷
আমি অসমীয়া ৰাজনীতিকসকলৰ মুখৰ পৰা ইমান বেছি বুদ্ধিদীপ্ত কথা শুনিবলৈ আশা নকৰোঁ কিন্তু আশা কৰোঁ যে ‘আমি ১০০টা ছীট পাম’ এই একেটা কথাকে বাৰে বাৰে পেঘেনিয়াই থকাতকৈ ৰাইজক ন্যূনতম চিন্তাৰ খোৰাক দিব পৰা অন্ততঃ এটা বাক্য তেওঁলোকে ক’ব পৰা উচিত৷