ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয় উদ্বোধন কৰি ৫ লক্ষাধিকক সম্বোধন কৰিব নৰেন্দ্র মোদীয়ে
নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ চৰকাৰী কার্যসূচী লৈ আজি অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ধেমাজি জিলাৰ চিলাপথাৰত এখন বিশাল জনসভাত অংশগ্রহণ কৰাৰ লগতে তেওঁ ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়খনো উদ্বোধন কৰিব৷ অসম ভ্রমণৰ প্রাক্মুহূর্তত কালি এক টুইটযোগে প্রধানমন্ত্রীগৰাকীয়্ কয়– ‘অসমলৈ অহাটো সদায়েই এক বিশেষ অনুভৱ৷ কাইলৈ ২২ ফেব্রুৱাৰীত ধেমাজিৰ এখন ৰাজহুৱা সভাত মই পুনৰ এবাৰ ইয়াৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পাম৷ এই অনুষ্ঠানত বিভিন্ন উন্নয়নমূলক কার্যৰ শুভাৰম্ভ কৰা হ’ব৷’ প্রধানমন্ত্রী মোদীয়ে আজি দুপৰীয়া অসমীয়াতে এইদৰে টুইট কৰি অসমৰ প্রতি থকা আগ্রহ ব্যক্ত কৰে৷ উল্লেখ্য যে বিগত ৩০টা দিনৰ ভিতৰত এয়া হৈছে দেশৰ প্রধানমন্ত্রীগৰাকীৰ্ তৃতীয়টো অসম ভ্রমণ৷ ইয়াৰ পূর্বে শিৱসাগৰ আৰু ঢ়েকীয়াজুলিৰ দুখন জনসভাত তেওঁ অংশগ্রহণ কৰিছিল৷
আজি প্রধানমন্ত্রীয়ে শুভ উদ্বোধন কৰিব ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়
দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি শুভ উদ্বোধন কৰিব ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়৷ ইয়াৰ লগে লগে ৰাজ্যৰ উচ্চ কাৰিকৰী শিক্ষা ব্যৱস্থাত সংযোজন ঘটিব আৰু এখন কাৰিকৰী শিক্ষা প্রতিষ্ঠানৰ৷ ধেমাজি জিলাৰ উত্তৰ ধেমাজিৰ টেকজুৰিত স্থাপন হোৱা অভিযান্ত্রিক মহাবিদ্যালয়খনৰ আজি চিলাপথাৰৰ পিয়াং চিতলমাৰী পথাৰৰ পৰাই প্রধানমন্ত্রীয়ে ৰিম’টৰ জৰিয়তে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব৷ এই উদ্দেশ্যে ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়খন সজাই–পৰাই তোলা হৈছে৷ ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ দ্বাৰা অনুমোদিত অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ তত্ত্বাৱধানত পৰিচালিত হ’ব লগা কাৰিকৰী প্রতিষ্ঠানখনত বিগত বর্ষৰ পৰাই অনলাইনযোগে পাঠদান শুভাৰম্ভ হৈছে৷ কাইলৈ প্রধানমন্ত্রীয়ে উদ্বোধন কৰাৰ পাছতে শিক্ষার্থীসকলৰ কাৰিকৰী প্রতিষ্ঠানখনৰ শ্রেণীকোঠাত পাঠদান পর্বও আৰম্ভ হ’ব৷ চিভিল, মেকানিকেল আৰু কম্পিউটাৰ বিজ্ঞান–ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিঙৰ মুঠ ১৮০খন আসন থকা ধেমাজি ইঞ্জিনীয়াৰিং কলেজৰ অধ্যক্ষ হিচাপে দিলীপ বৰাকে ধৰি বিভিন্ন বিভাগৰ সহকাৰী অধ্যাপকসহ অকাৰিকৰী বিভিন্ন পদত ইতিমধ্যে নিযুক্তি দিয়া হৈছে৷
উল্লেখ্য যে ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়খন তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে ২০১১ চনৰ ফেব্রুৱাৰী মাহত আধাৰশিলা স্থাপন কৰাৰ পাছত ২০১৬ চনৰ পৰা নির্মাণ আৰম্ভ কৰা হয়৷ মুঠ ২৬৫ বিঘা মাটিকালিৰে আৱৰা কাৰিকৰী শিক্ষা প্রতিষ্ঠানখনৰ তিনিমহলীয়া শৈক্ষিক ভৱন, প্রশাসনিক ভৱন, দুটা কাৰখানা গৃহ, অতিথিশালা, দুটা ছাত্র নিৱাস, এটা ছাত্রী নিৱাস, অধ্যক্ষৰ বাসভৱন, চতুর্থ শ্রেণীৰ কর্মচাৰীৰ দুটা আৱাস নির্মাণ কৰা হৈছে৷ ধেমাজিবাসীয়ে বিভিন্ন সময়ত কৰি অহা দাবীৰ ফলত চৰকাৰে ধেমাজি নগৰৰ সদৰৰ পৰা প্রায় ১২ কিলোমিটাৰ দূৰত্বত স্থাপন কৰা অভিযান্ত্রিক মহাবিদ্যালয়খন দেশৰ প্রধানমন্ত্রীয়ে আনুষ্ঠানিক শুভ উদ্বোধন কৰাক লৈ জিলাবাসী উৎসাহিত হৈ পৰিছে৷
দেশৰ প্রধানমন্ত্রীক আদৰাৰ প্রস্তুতি সম্পন্ন কুলাজানত, পাঁচ লক্ষাধিক লোকৰ সমাগমৰ ব্যৱস্থা
দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ধেমাজি জিলাৰ কুলাজানত উপস্থিত হৈ বহুপ্রতীক্ষিত ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়খনৰ শুভ উদ্বোধন কৰিব৷ দিনৰ প্রায় ১১.৩০ বজাত কুলাজানৰ পিয়াং চাপৰিত তেওঁ এখন বিশাল জনসভা সম্বোধন কৰাৰ লগতে তাৰ পৰাই বুটাম টিপি অভিযান্ত্রিক মহাবিদ্যালয়খন উদ্বোধন কৰিব৷ ইতিমধ্যে কুলাজানত যাৱতীয় সকলো ধৰণৰ প্রস্তুতি সম্পন্ন হৈছে৷ আটকধুনীয়াকৈ মূল মঞ্চ নির্মাণ কৰাৰ লগতে পাঁচ লক্ষাধিক লোকে বহি প্রধানমন্ত্রী মোদীৰ ভাষণ শুনিব পৰাকৈ ব্যৱস্থা গ্রহণ কৰিছে৷ লখিমপুৰ, জোনাই, ডিব্রুগড়কে আদি কৰি ভিন্ন প্রান্তৰ পৰা মানুহ আনিবলৈ ৮খনকৈ বিশেষ ৰে’লৰ ব্যৱস্থা কৰাৰ উপৰি সৰু–বৰ পাঁচ সহস্রাধিক বাহনেৰে সভালৈ মানুহ অনাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে৷ প্রধানমন্ত্রীৰ হেলিকপ্ঢাৰখন অৱতৰণৰ বাবে দুখনকৈ হেলিপেড নির্মাণ কৰিছে৷ কুলাজান–বগীবিল ৫২ নম্বৰ ৰাষ্ট্রীয় ঘাইপথ (বি)ৰ পৰা ছয়টা উপ–পথ নির্মাণ কৰি সভালৈ ৰাইজ আহিব পৰাকৈ উপযোগী কৰা হৈছে৷ সভাস্থলীত প্রৱেশ আৰু প্রস্থানৰ ভিৰ কমাবলৈ ছয়খনকৈ গেটৰো ব্যৱস্থা কৰিছে৷ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি পাঁচ সহস্রাধিক অর্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে৷ সভাস্থলীত চিকিৎসা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে সুকীয়াকৈ এটা অস্থায়ী কক্ষ নির্মাণ কৰি একাধিক ডাক্তৰ, চিকিৎসা কর্মীও নিয়োগ কৰিছে৷ অগ্ণিনির্বাপক বাহিনীও সষ্টম হৈ থকা পৰিলক্ষিত হৈছে৷