দিছপুৰ লাষ্টগেটত ডিপিআৰচিৰ নতুন কেন্দ্র উদ্বোধন হোমেন বৰগোহাঞিৰ
নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ উত্তৰ–পূর্বাঞ্চলৰ অগ্রণী ফিজি’থেৰাপী প্রতিষ্ঠান ‘দিগন্তজ ফিজি’থেৰাপী এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ’ চমুকৈ ডি পি আৰ চি আৰু ডি পি আৰ চিৰ শিশু চিকিৎসাৰ ইউনিট ‘দিগন্ত’জ চাইল্ড ৰিহেবিলিটেচন ছার্ভিচেজ’ ৰাজগড়ৰ পৰা দিছপুৰ লাষ্টগেটলৈ স্থানান্তৰ কৰা হৈছে৷ দিছপুৰস্থিত বিধায়ক আৱাসৰ পিছফালে নতুনকৈ স্থাপন কৰা ডি পি আৰ চিৰ আটকধুনীয়া কেন্দ্রটো আজি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ‘নিয়মীয়া বার্তা’ কাকতৰ মুখ্য সম্পাদক তথা কথাশিল্পী হোমেন বৰগোহাঞিয়ে শুভ উদ্বোধন কৰে৷ উদ্বোধনী ভাষণত বিশিষ্ট সাংবাদিকগৰাকীয়ে ডি পি আৰ চিৰ অধ্যক্ষ দিগন্ত দাসৰ সৈতে থকা তেওঁৰ দীর্ঘদিনীয়া সু–সম্পর্কৰ কথা ব্যক্ত কৰি দাসৰ সংগ্রামী জীৱনৰ স্মৃতি ৰোমন্থন কৰে৷ বিশেষকৈ দাসৰ প্রচণ্ড ইচ্ছাশক্তি আৰু মনোবলৰ কথা উল্লেখ কৰি বিশিষ্ট সাংবাদিকগৰাকীয়ে প্রতিকূলতাক নেওচি জীৱন বাটত তেওঁ কিদৰে আগবাঢ়ি আছে সেই বিষয়ে চমু ব্যাখ্যা আগবঢ়ায়৷ দিগন্ত দাসৰ প্রচণ্ড ইচ্ছাশক্তি আৰু মনোবলৰ বাবে ডি পি আৰ চিৰ দৰে এটা প্রতিষ্ঠান গঢ়ি উঠা বুলি উল্লেখ কৰি আৰম্ভণিৰে পৰা প্রতিষ্ঠানটোৰ পৰিচালনাৰ ক্ষেত্রত বিভিন্ন দিহা–পৰামর্শ আগবঢ়াই আহিছে বুলি বিশিষ্ট সাংবাদিকগৰাকীয়ে কয়৷ তদুপৰি প্রতিষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি অনাগত দিনতো সু–পৰামর্শ আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্রজ্বলন কৰে দিগন্ত দাসৰ লগতে হোমেন বৰগোহাঞি, বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথন আৰু জ্যেষ্ঠ সাংবাদিক গৌতম শর্মাই৷ শ্যাম জগন্নাথনে দিগন্ত দাসৰ জীৱনৰ বিষয়ে উল্লেখ কৰিবলৈ গৈ আৱেগিক হৈ পৰে৷ ডি পি আৰ চিৰ সৈতে প্রথমৰ পৰাই জড়িত হৈ অহা আন এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে দিগন্ত দাসৰ দৃঢ় মনোবল আৰু প্রবল ইচ্ছাশক্তিৰ প্রশংসা কৰে৷ লগতে তেওঁ ডি পি আৰ চিৰ সফলতা কামনা কৰে৷
অনুষ্ঠানৰ আৰম্ভণিতে ডি পি আৰ চিৰ অধ্যক্ষ দিগন্ত দাসে তেওঁৰ চমু ভাষণত প্রতিষ্ঠানটোৱে যোৱা ৯টা বছৰে কিদৰে ঘাত–প্রতিঘাত পাৰ হৈ আজিৰ অৱস্থা পাইছে সেই বিষয়ে সুঁৱৰি আৱেগিক হৈ পৰে৷ এই দীঘলীয়া পৰিক্রমাত ডি পি আৰ চিৰ কাষত থিয় দিয়া প্রতিগৰাকী ব্যক্তিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ ডি পি আৰ চিৰ নতুন চৌহদটো শীঘ্রে শিশুৰ চিকিৎসাৰ ক্ষেত্রত উত্তৰ–পূবৰে অগ্রণী কেন্দ্র হিচাপে গঢ়ি তোলাৰো তেওঁ আজি ঘোষণা কৰে৷ ৰাষ্ট্রীয় বঁটা বিজয়ী কণ্ঠশিল্পী তৰালি শর্মা আৰু গায়িকা গায়ত্রী হাজৰিকাই গীত পৰিৱেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ উল্লেখ্য যে ২০১২ চনৰ ৮ জুলাইত এক বিশেষ পৰিস্থিতিত গুৱাহাটীৰ ৰাজগড়ত ‘দিগন্ত’জ ফিজি’থেৰাপী এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ’ চমুকৈ ‘ডি পি আৰ চি’ আৰু ‘ডি পি আৰ চি’ৰ শিশু চিকিৎসাৰ ইউনিট হিচাপে ‘দিগন্ত’জ চাইল্ড ৰিহেবিলিটেচন ছার্ভিচেজ’ চমুকৈ ‘ডি চি আৰ এছ’ স্থাপন কৰা হৈছিল৷ বেচৰকাৰী সংগঠন ‘আঁচল’ৰ অন্তর্গত কেন্দ্রটোৱে অতি কম সময়ৰ ভিতৰতে অসম, উত্তৰ–পূব ভাৰতৰ বিভিন্ন ঠাইৰ উপৰি চুবুৰীয়া ৰাষ্ট্র ভূটান, নেপাল আৰু বাংলাদেশৰ ভিন্ন স্থানত উৎসাহজনক জনপ্রিয়তা লাভৰ কাৰণে গুৱাহাটীৰ লাষ্টগেটত বহু নতুন আৰু অত্যাধুনিক সেৱাৰ সংযোজনৰে ফিজি’থেৰাপী আৰু চাইল্ড ৰিহেবিলিটেচনৰ প্রচাৰ আৰু প্রসাৰৰ উদ্দেশ্যে নতুন ৰূপত ‘ডি পি আৰ চি’ স্থাপন কৰা হৈছে৷ আজিৰ অনুষ্ঠানত ‘নিয়মীয়া বার্তা’ কাকতৰ কার্যবাহী সম্পাদক অমল দাস, তেওঁৰ সহধর্মিনী তথা জি এন আৰ চি স্বাস্থ্যৰ সম্পাদক গীতমালিকা নেওগ, বিশিষ্ট চিকিৎসক ডাঃ মাধৱ ৰাজবংশী, ডাঃ ৰুবী কটকী, গোপাল জালান আৰু চন্দনা দাসকে ধৰি অর্ধশতাধিক ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানৰ আৰম্ভণিতে বাঁহীবাদক কৈলাশ ৰাভা আৰু তেওঁৰ সহযোগী শিল্পীসকলে বাদ্যযন্ত্রৰ সহায়ত সংগীতানুষ্ঠান পৰিৱেশন কৰে৷