নির্বাচনী আচৰণ বিধিঃ ৰাজ্যজুৰি মন্ত্রী–বিধায়কসহ ৰাজনৈতিক দলৰ হর্ডিং–বেনাৰ–পোষ্টা আঁতৰালে প্রশাসনে
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ দেশৰ নির্বাচন আয়োগে কালি অসম বিধানসভা নির্বাচনৰ দিন ঘোষণা কৰাৰ লগতে কালি বিয়লিৰ পৰাই ৰাজ্যখনত নির্বাচনী আচৰণ বিধি বলৱৎ কৰে৷ ৰাজ্যখনত নির্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পাছতেই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত মুখ্যমন্ত্রী–মন্ত্রী–বিধায়ক ফটো সম্বলিত বিভিন্ন ধৰণৰ হর্ডিং–বেনাৰ–পোষ্টা আঁতৰোৱাৰ কামত নামি পৰিছে প্রশাসন৷
শনিবাৰৰ দিনটোত গুৱাহাটী মহানগৰ প্রশাসনকে ধৰি বিভিন্ন জিলা প্রশাসন, মহকুমা প্রশাসনে ৰাজ্যজুৰি তেনেধৰণৰ হর্ডিং–বেনাৰ–পোষ্টা আঁতৰায়৷ প্রশাসনৰ এই অভিযান অকল মুখ্যমন্ত্রী–মন্ত্রী–বিধায়ক ক্ষেত্রতে সীমাবদ্ধ থকা নাই৷ বিভিন্ন ৰাজনৈতিক দলে আসন্ন বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত লগোৱা হর্ডিং–বেনাৰ–পোষ্টা আঁতৰোৱাৰ কাম চলাই আছে৷
ইপিনে নির্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পৰিপ্রেক্ষিতত নির্বাচন আয়োগে সকলো ধৰণৰ নিযুক্তি আৰু বদলিৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছে৷