নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুকুৰবাৰে বদলিৰ নির্দেশ দিয়া ১২ আইপিএছ–৬ এপিএছৰ বদলিৰ স্থগিতাদেশ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ  ১২ আই পি এছ আৰু ৬ এ পি এছ বিষয়াৰ বদলিৰ বাবে অসম চৰকাৰে জাৰি কৰা নির্দেশনাত স্থগিতাদেশ জাৰি কৰিছে নির্বাচন আয়োগে৷ দেশৰ নির্বাচন আয়োগে এক প্রেছ বিজ্ঞপ্তিযোগে এই কথা প্রকাশ কৰিছে৷ বিজ্ঞপ্তিটোত কোৱা হৈছে যে যোৱা ২৬ ফেব্রুৱাৰীৰ পৰা অসমত নির্বাচনী আচৰণ বিধি বলৱৎ হৈছে৷ সেই দিনাই অসম চৰকাৰে উক্ত আই পি এছ আৰু এ পি এছ বিষয়াসকলৰ বদলিৰ নির্দেশ জাৰি কৰিছে৷

ইয়াৰ পৰিপ্রেক্ষিতত আয়োগে পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত উক্ত আৰক্ষী বিষয়াসকলক বদলি কৰিব নোৱাৰিব বুলি নিষেধাজ্ঞা জাৰি কৰে৷ আয়োগৰ মতে, নির্বাচনী আচৰণ বিধি বলৱৎ হোৱা মাত্রকে চৰকাৰী বিষয়া–আমোলাৰ সকলো ধৰণৰ বদলি আৰু নিযুক্তিত সম্পূর্ণ নিষেধাজ্ঞা আছে৷ সেয়ে আয়োগে অসম চৰকাৰৰ শেহতীয়া বদলিৰ নির্দেশনাত আজি স্থগিতাদেশ জাৰি কৰে৷

You might also like