নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাই জিলা সাহিত্য সভাৰ কাকী অধিৱেশনত মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ নাৰীসকল অনন্ত অসীম, নাৰী জাতিয়ে মানৱ সমাজক গতিশীল কৰি তুলিছে৷ পুৰুষ সমাজে আগতেও নাৰী জাতিক অপমান কৰা নাছিল আৰু আগলৈকো নকৰে বুলি মোৰ বিশ্বাস৷ –এই মন্তব্য অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীৰ৷

 দেওবাৰে হোজাইৰ কাকীত অনুষ্ঠিত হোজাই জিলা সাহিত্য সভাৰ দ্বিতীয় দ্বি–বার্ষিক বিশেষ অধিৱেশনৰ মুকলি সভাত তেওঁ এনেদৰে কয়৷ উল্লেখ্য যে হোজাই জিলা সাহিত্য সভাৰ বিশেষ বার্ষিক কাকী অধিৱেশনৰ  দেওবাৰে সামৰণি পৰে৷ শনিবাৰৰ  পৰা এক উখল–মাখল পৰিৱেশৰ মাজেৰে শুভাৰম্ভ হোৱা অধিৱেশনৰ  প্রথম দিনাৰ কার্যসূচী অনুসৰি পুৱা প্রতিনিধি পঞ্জীয়ন, ৰামধেনুৰ কল্পতৰু শীর্ষক এক নির্বাচিত কবি, শিল্পীসকলৰ অনুষ্ঠান, ১০ বজাত মুকুন্দ বডো সোঁৱৰণী গ্রন্থমেলাৰ দুৱাৰ মুকলি কৰে সাহিত্যিক তথা জিলা সমিতিৰ প্রতিষ্ঠাপক সভাপতি ড০ সাৰদানন্দ দেৱগোস্বামীয়ে৷ দিনৰ ১১বজাত কাকী কনিষ্ঠ মহাবিদ্যালয়ত শিৱপ্রসাদ বৰা সোঁৱৰণী সভাকক্ষত প্রতিনিধি সভা অনুষ্ঠিত হয়৷

 

এই  সভাত আকাশ উপ–সমিতিৰ আইনাম আৰু বিয়ানামৰ প্রতিযোগীসকলক বঁটা প্রদান কৰে উপ–সভাপতিগৰাকীয়৷ এই অধিৱেশনৰ দুয়োদিনে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়৷

You might also like