নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এণ্টার্কটিকাৰ জলবায়ু নিৰীক্ষণৰ বাবে কৃত্রিম উপগ্রহ উৎক্ষেপণ ৰাছিয়াৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ সুমেৰু অঞ্চলৰ জলবায়ু সন্দর্ভত নিৰীক্ষণ ব্যৱস্থা আৰম্ভ কৰিছে ৰাছিয়াই৷ এই উদ্দেশ্যে ৰাছিয়াই কালি মহাকাশলৈ প্রেৰণ কৰিছে এটা কৃত্রিম উপগ্রহ৷

এণ্টার্কটিকাৰ তুষাৰ অঞ্চলৰ পৰিস্থিতি নিৰীক্ষণ কৰিব আর্কটিকা–এম নামৰ এই কৃত্রিম উপগ্রহটোৱে৷ সমগ্র অঞ্চলটোত ৰাছিয়াই গুৰুত্ব আৰোপ কৰাৰ অন্যতম কাৰণ হৈছে এই অঞ্চলৰ পৰাই শক্তি উৎপাদনৰ চিন্তা–চর্চা চলাইছে৷

স্মর্তব্য যে এণ্টার্কটিকাৰ উষ্ণতা যোৱা তিনিটা দশকত গোলকীয় গড় উষ্ণতাতকৈ দুগুণ হাৰত বৃদ্ধি পাইছে৷ অভাৱনীয়ভাৱে বৰফ গলিছে অঞ্চলটোত৷

গতিকে এই অঞ্চলটোৰ জলবায়ুৰ ওপৰত নিৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰাৰ সিদ্ধান্ত লৈছে ৰাছিয়াই৷ আজি কাজাখস্তানৰ বৈকানুৰৰ পৰা মহাকাশলৈ প্রেৰণ কৰা হৈছে কৃত্রিম উপগ্রহটো৷

You might also like