ছয়মাইলত হোটেল ‘ঘৰ–৩৬৫’ মুকলি
নিয়মীয়ী বাৰ্তা ২ মাৰ্চঃ মহানগৰীৰ ছয়মাইলত কালি হোটেল ‘ঘৰ ৩৬৫ ৰেচিডেঞ্চী’ মুকলি কৰা হয়৷ কালি সন্ধিয়া জনপ্রিয় কণ্ঠশিল্পী জুবিন গার্গে চাই হোটেলখন মুকলি কৰি গ্রাহকক অতি কম মূল্যত সু–স্বাদু আৰু স্বাস্থসন্মত খাদ্য যোগান ধৰিবলৈ সক্ষম হ’ব বুলি মতামত ব্যক্ত কৰে৷ অনুষ্ঠানত মাধুৰিমা চৌধুৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
উল্লেখ্য যে হোটেলখনত থকা–খোৱা আৰু যান–বাহন পার্কিঙৰ সু–ব্যৱস্থা আছে বুলি স্বত্বাধিকাৰী ৰঞ্জিৎ কুমাৰ মালো আৰু তেওঁৰ পত্নী সুশীলা মালোৱে জানিবলৈ দিছে৷