যোৰাবাটৰ এঘাৰ মাইলত ভয়ংকৰ পথ দুর্ঘটনা; ৰাষ্ট্রীয় ঘাইপথত বাগৰি পৰিল তেলভর্তি টেংকাৰ
নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ মহানগৰীৰ সীমান্তৱর্তী যোৰাবাটৰ এঘাৰ মাইলত আজি সন্ধিয়া এক পথ দুর্ঘটনা সংঘটিত হয়৷ গুৱাহাটীৰ পৰা নগাঁও অভিমুখী এখন তেলৰ টেংকাৰ নিয়ন্ত্রণ হেৰুৱাই ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত বাগৰি পৰাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ আৰক্ষী সূত্রে জানিব পৰা মতে এ এছ–২৬–চি–৮২১২ নম্বৰৰ কেঁচা তেলভর্তি টেংকাৰখনে নিয়ন্ত্রণ হেৰুৱাই সন্ধিয়া প্রায় ৭ বজাত ১১ মাইলৰ ৰাষ্ট্রীয় ঘাইপথত বাগৰি পৰে৷ টেংকাৰখনৰ পৰা কেঁচা তেল নির্গত হৈ ৰাষ্ট্রীয় ঘাইপথৰে বৈ যোৱাত অঞ্চলটোত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ পাছত ঘটনাস্থলীত যোৰাবাট আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনীৰ লোক উপস্থিত হৈ ঘাইপথত পানী মাৰি তেল আঁতৰাই পেলোৱাৰ লগতে দুর্ঘটনাগ্রস্ত তেলৰ টেংকাৰখন উদ্ধাৰ কৰে৷ এই পথ দুর্ঘটনাক কেন্দ্র কৰি নিশা ৩৭নং ৰাষ্ট্রীয় ঘাইপথত তীব্র যান–জঁটৰ সৃষ্টি হয়৷ অৱশ্যে যোৰাবাট যান–বাহন আৰক্ষীৰ তৎপৰতাত পৰৱর্তী সময়ত যান–জঁট নিয়ন্ত্রণলৈ আহে৷ ইপিনে, দুর্ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীৰ পৰা টেংকাৰখনৰ চালক হেণ্ডিমেনে পলায়ন কৰে৷