ভঙাগড়ত নিষিদ্ধ কফ ছিৰাপসহ সৰবৰাহকাৰীক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ মহানগৰীৰ ভঙাগড়ৰ পৰা আৰক্ষী অপৰাধ অনুসন্ধান শাখাই আজি স্থানীয় আৰক্ষীৰ সহযোগত বুজন পৰিমাণৰ কফ ছিৰাপসহ এজন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰীজন ধুবুৰী জিলাৰ শিঙিমাৰী থানাৰ অন্তর্গত শান্তিপুৰৰ ছানু মোল্লা (২৮) বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ধৃত ড্রাগ্ছ সৰবৰাহকাৰীটোৰ পৰা ৩৫টা নিষিদ্ধ কফ ছিৰাপ জব্দ কৰাৰ লগতে এ এছ–০১ কে চি–৩৪৪৫ নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে ধৃত ড্রাগ্ছ সৰবৰাহকাৰীজনে দীর্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন প্রান্তত ড্রাগ্ছ সৰবৰাহ কৰি আহিছে৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি আজি ভঙাগড়ৰ গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ কার্যালয়ত সন্মুখৰ পৰা ড্রাগ্ছ সৰবৰাহকাৰীটোক হাতে–লোটে গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে ধৃত ড্রাগ্ছ সৰবৰাহকাৰীটোক ড্রাগ্ছ সৰবৰাহৰ অভিযোগত পল্টনবজাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰিছিল৷ জে’লৰ পৰা সুৰঙাৰে ওলাই আহি পুনৰ মোল্লাই ড্রাগ্ছ সৰবৰাহ কার্যত লিপ্ত হয়৷