নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেৰাউইক গ্ল’বেল এনার্জী বঁটা গ্রহণ প্রধানমন্ত্রী মোদীৰ

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি সন্ধিয়া ছেৰাউইক গ্ল’বেল এনার্জী এণ্ড এনভাইৰনমেণ্ট লীডাৰশ্বিপ এৱার্ড গ্রহণ কৰে৷ কেম্ব্রিজ এনার্জী ৰিছার্চ এছ’চিয়েটছ উইক (ছেৰাউইক) ২০২১ ভিডি’ কনফাৰেঞ্চযোগে সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে এই বঁটা গ্রহণ কৰে৷ ক’ভিড–১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত ভিডি’ কনফাৰেঞ্চযোগে ছেৰাউইক ২০২১ আয়োজন কৰা হয়৷ উল্লেখ্য যে ১৯৮৩ চনত ড০ ডেনিয়েল য়ার্গিনে প্রতিষ্ঠা কৰা ছেৰাউইক প্রতিবছৰে হিউষ্টনত মার্চ মাহত আয়োজন কৰা হয় বিশ্বৰ প্রখ্যাত বার্ষিক এনার্জী প্লেটফর্ম হিচাপে বিবেচিত ছেৰাউইক৷ বঁটাটো গ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে দেশমাতৃ ভাৰতৰ জনতালৈ বঁটাটো উৎসর্গিত কৰে৷

You might also like