নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন সঞ্চালকৰ ভাষ্য গ্রহণ তদন্ত সমিতিৰ

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠান (আইডল)ত অনিয়ম সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগৰ তদন্তৰ বাবে চাৰিগৰাকী কার্যবাহী পৰিষদৰ সদস্যৰে এখন সমিতি গঠন কৰা হৈছে৷ এই সমিতিখনে আইডলৰ প্রাক্তন সঞ্চালকসকলৰ ব্যাখ্যা আৰু স্থিতিসমূহ পর্যবেক্ষণ কৰিব৷ আইডলৰ সমগ্র দুর্নীতি সন্দর্ভত তদন্তৰ বাবে গঠন কৰা ন্যায়িক কমিটীৰ পৰামর্শ অনুসৰি এই কার্যবাহী পৰিষদৰ সদস্যৰ কমিটীখন গঠন কৰা হৈছে৷ আজি এক বিবৃতিযোগে এই কথা সদৰী কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে৷ বিবৃতিটোত প্রকাশ কৰা অনুসৰি ন্যায়াধীশ আফতাব হুছেইন শইকীয়া আয়োগৰ পৰামর্শ অনুসৰি ২০১০ চনৰ পৰা ২০১৭ চনৰ ভিতৰত কর্মৰত সঞ্চালকসকলৰ ভাষ্য গ্রহণ কৰা হৈছে৷ অৱশ্যে এই অনিয়মত অভিযুক্তসকলৰ কোনো এজনেই বর্তমান কর্মৰত হৈ নথকাৰ বাবে এই সন্দর্ভত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ অসম চৰকাৰলৈ বিষয়টো প্রেৰণ কৰিছে বিশ্ববিদ্যালয় কর্তৃপক্ষই৷ একে সময়তে আয়োগৰ ৫ নম্বৰ অনুমোদন মর্মে অতিৰিক্ত ব্যয়, অধ্যয়ন সামগ্রীৰ বাবে উচ্চ হাৰৰ মাননি প্রদান আদি বিষয়সমূহৰ পৰীক্ষাৰ বাবে অভিজ্ঞ প্রতিষ্ঠানক দায়িত্ব অর্পণ কৰা হৈছে৷ চলিত মার্চৰ ভিতৰতে এই প্রতিষ্ঠানটোৱে প্রতিবেদন দাখিল কৰিব বুলিও বিবৃতিখনত উল্লেখ কৰিছে পঞ্জীয়কগৰাকীয়ে৷ ইপিনে, শইকীয়া আয়োগৰ প্রতিবেদন বিশ্ববিদ্যালয় অনুদান আয়োগলৈ প্রেৰণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই৷ অৱশ্যে ২০১০ চনৰ পৰা ২০১৭ চনলৈ অনুমোদন নোহোৱাকৈ পাঠদান কৰা পাঠ্যক্রমসমূহৰ ডিগ্রীৰ মান্যতা প্রদান কৰিবলৈ ৰাজ্য চৰকাৰলৈ পঠিওৱা প্রস্তাৱ বর্তমানেও বিবেচনাধীন বুলি সদৰী কৰা হৈছে বিবৃতিটোত৷ একেদৰে কার্যবাহী পৰিষদৰ পৰামর্শ মর্মে আইডলৰ বর্তমানৰ গাঁথনি আৰু শৈক্ষিক আৰু প্রশাসনিক ব্যৱস্থাসমূহ পুনৰীক্ষণ কৰিবলৈ ৯গৰাকী অধ্যাপকৰে এখন কমিটীও গঠন কৰা হৈছে বুলি তেওঁলোকে সদৰী কৰিছে৷

You might also like