নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত বিজেপিৰ যুৱ মর্চাৰ নির্বাচনী তৎপৰতা

নিয়মীয়া বার্তা,৬ মার্চঃ নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্রমে নলবাৰী, ধর্মপুৰ আৰু বৰক্ষেত্রীত শাসকীয় বিজেপি, সহযোগী অগপ, বিৰোধী কংগ্রেছ, এজেপি, ৰাইজৰ দলসহ বিভিন্ন ৰাজনৈতিক দল তথা ভাতৃ–ভগ্ণী সংগঠনসমূহে নির্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে৷ বিজেপিৰ ভাতৃ সংগঠন যুৱ মর্চাৰ ৰাজ্যিক সভাপতি অনুপ বর্মনৰ নির্দেশত জিলা আৰু মণ্ডল সমিতিৰ জিলাখনৰ তিনিওটা সমষ্টিত তিনিগৰাকী প্রার্থীক পুনৰ বিপুল ভোটত জয়ী কৰাৰ বাবে সাংগঠনিক কাম–কাজ অব্যাহত ৰাখি অংগীকাৰবদ্ধ হৈছে৷ বিগত এসপ্তাহ ধৰি জিলাখনৰ বিভিন্ন বুথত যুৱ মর্চাৰ জিলা সভাপতি হেমন্ত বর্মন, উপ–সভাপতি ৰিদিপ দত্ত, গৌতম কাকতি, পুলকেশ বেজবৰুৱা, সাধাৰণ সম্পাদক কপিল দেৱ তালুকদাৰ, ডাঃ অৰুণাভ কলিতা আদিৰ নেতৃত্বত ঘৰে ঘৰে গৈ দলীয় কার্যসূচী পৰিয়াল সম্পর্ক অভিযান চলাই ব্যাপক নির্বাচনী তৎপৰতা আৰম্ভ কৰিছে৷ বুধবাৰে নিশালৈ নলবাৰী সমষ্টিৰ বাঁহজানীৰ বিভিন্ন বুথত পৰিয়াল সম্পর্ক অভিযানেৰে নির্বাচনী প্রচাৰ চলোৱা দেখা গৈছে৷ মন কৰিবলগীয়া যে গেৰুৱা দলটোৰ যুৱ কর্মীসকলে নির্বাচনী প্রচাৰ কার্য চলাই ৰাইজৰ সঁহাৰি লাভ কৰাৰ বিপৰীতে নলবাৰীত কংগ্রেছসহ আন দলৰ প্রচাৰ তাকৰীয়া দেখা গৈছে৷ৰাইজে উন্নয়ন–বিকাশৰ বাবেই বিজেপিক ৰাইজে পুনৰ আদৰি লোৱা বুলি মন্তব্য কৰে৷

You might also like