অসন্তুষ্ট জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকী, প্ৰকাশ কৰিলে ক্ষোভৰ কাৰণ
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ ৰাজনৈতিক দলৰ প্ৰায়ভাগ দলে প্ৰকাশ কৰা তালিকাত প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিজৰ নাম নেদেখি ক্ষুব্ধ হোৱা দেখিবলৈ পোৱা গৈছে। এইক্ষেত্ৰত বিশেষকৈ কংগ্ৰেছৰ সুস্মিতা দেৱ আৰু শৰৎ বৰকটকীৰ নামো চৰ্চালৈ আহিছে।
ৰাজ্যিক কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা শৰৎ বৰকটকীয়ে এইবাৰ সোণাৰি সমষ্টিৰ পৰা নিজ পুত্ৰক প্ৰাৰ্থী ৰূপে থিয় কৰোৱাৰ ইচ্ছা কৰিছিল। কিন্তু তালিকাত পুত্ৰৰ নাম অহাক লৈ সন্দিহান বৰকটকীয়ে আজি সাংবাদিকৰ আগত অসন্তুষ্টি প্ৰকাশ কৰে।
বৰকটকীয়ে কয়- ‘মই অসন্তুষ্ট হৈছো। কাৰণ কংগ্ৰেছৰ হৈ মই ২৫ বছৰ বিধায়ক আছিলো। ৮ বছৰ মই মন্ত্ৰী আছিলো। এইক্ষেত্ৰত মোৰ বহু ত্যাগ আছিল। মই নিজে প্ৰাৰ্থিত্ব বিচৰা নাছিলো, কিন্তু মোৰ ল’ৰাটোৰ কাৰণে মই প্ৰাৰ্থিত্ব বিচাৰিছিলো। কিয়নো সি ‘৯১ৰ পৰা দলৰ হৈ কাম কৰি আহিছে, আৰু সি উপযুক্ত। যোগ্যতা নাথাকিলে নালাগে প্ৰাৰ্থিত্ব। কিন্তু যোগ্যতা থকাৰ পিছত প্ৰাৰ্থিত্ব প্ৰদান কৰা দৰকাৰ।’