নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনুল ইছলাম আৰু ভুবন বৰুৱাৰ কনৰাড চাংমাৰ এন পি পিত যোগদান

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ মানকাচাৰ বিধানসভাৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক আমিনুল ইছলামে আজি যোগদান কৰিলে কনৰাড চাংমা নেতৃত্বধীন ৰাষ্ট্ৰীয় পিপ’লছ পাৰ্টীত।

আনহাতে, অসম গণ পৰিষদৰ আন এজন প্ৰাক্তন বিধায়ক ভুবন বৰুৱায়ো এনপিপিত যোগদান কৰিছে। চাবুৱা সমষ্টিক অগপৰ পৰা প্ৰতিনিধিত্ব কৰা বৰুৱা এসময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ কেবিনেট মন্ত্ৰী আছিল। তেওঁ ১৯৮৫ আৰু ১৯৯৬ চনত চাবুৱা বিধানসভা সমষ্টিৰ পৰা জয়ী হৈছিল।

দুয়োজন ৰাজনীতিকক এনপিপিৰ অসম গোটৰ উপ-সভাপতি বিশ্বজিৎ বৰুৱাই দলটোলৈ স্বাগতম জনায়। যোগদান অনুষ্ঠানত উপস্থিত থাকে এনপিপিৰ ৰাষ্ট্ৰীয় যুৱ সম্পাদক যদুমণি বড়ো, অসম এনপিপিৰ সাধাৰণ সম্পাদক আবুল হুছেইন আৰু ৰাজ প্ৰসাদ শইকীয়া।

সূত্ৰ অনুসৰি, দুয়োগৰাকী ৰাজনৈতিক নেতাই অসম বিধানসভা নিৰ্বাচনত এনপিপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। এনপিপিয়ে অসমৰ সীমান্তৱৰ্তী অঞ্চলত দুয়ো নৱাগত সদস্যকে প্ৰাৰ্থীৰূপে প্ৰক্ষেপৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে।

You might also like