৮টা সমষ্টিৰ প্রার্থীৰ নাম চূড়ান্ত কৰিলে গণ পৰিষদেঃ তেজপুৰত প্রার্থিত্ব পৃথ্বিৰাজ ৰাভাক, নির্দলীয় প্রার্থী হ’ব ক্ষুব্ধ বৃন্দাবন
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: প্রার্থিত্বকেন্দ্রিক সংঘাত অব্যাহত থকাৰ মাজতে দেওবাৰে অসম গণ পৰিষদ দলে প্রকাশ কৰে প্রথমখন প্রার্থী তালিকা৷ এই তালিকা অনুসৰি বোকাখাতত অতুল বৰা, কলিয়াবৰত কেশৱ মহন্ত, টীয়কত ৰেণুপমা ৰাজখোৱা, দেৰগাঁৱত ভবেন্দ্র ভৰালী, আমগুৰিত প্রদীপ হাজৰিকা, চাবুৱাত পোনাকণ বৰুৱা, তেজপুৰত পৃথ্বিৰাজ ৰাভা আৰু নাওবৈচাত জয়ন্ত খাউণ্ডে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷
লক্ষণীয়ভাৱে তেজপুৰত এইবাৰ প্রার্থিত্বৰ পৰা বঞ্চিত কৰা হ’ল বর্তমানৰ বিধায়ক বৃন্দাবন গোস্বামী৷ তেওঁৰ স্থানত প্রার্থিত্ব লাভ কৰা কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ পুত্র পৃথ্বিৰাজ ৰাভাই আজিহে অসম গণ পৰিষদত যোগদান কৰে৷ তেওঁৰ লগতে দক্ষিণ কৰিমগঞ্জৰ এ আই ইউ ডি এফৰ বিধায়ক আজিজ আহমেদ খানেও অগপত যোগ দিয়ে৷
ইপিনে প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছত বৃন্দাবন গোস্বামীয়ে তেজপুৰ সমষ্টিত নির্দলীয় প্রার্থী হিচাপে হ’লেও প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি অগপৰ প্রতিষ্ঠাকালৰ নেতাগৰাকীয়ে কয় যে দলৰ কেন্দ্রীয় সমিতিৰ সিদ্ধান্ত আছিল যে ২০১৬ চনত অগপই জয়লাভ কৰা ১৪টা সমষ্টি কোনো কাৰণত এৰি দিয়া নহয়৷ কিন্তু কেন্দ্রীয় সমিতিৰ লগত আলোচনা নকৰাকৈ বঢ়মপুৰকে ধৰি আন কেইবাটাও সমষ্টি বিজেপিক এৰি দিয়া হ’ল৷ দলৰ সভাপতিগৰাকীৰ এয়া একনায়কত্ববাদী প্রৱণতা৷ কিন্তু আঞ্চলিকতাবাদী ৰাজনৈতিক ধাৰাটো পুনৰ আগবঢ়াই নিবই লাগিব৷ অগপ কাৰো হাতত কুক্ষিগত হ’ব নালাগিব৷ অসম গণ পৰিষদৰ ৰাজনৈতিক দর্শন পুনৰ প্রতিষ্ঠাৰ বাবে ২০২১ চনৰ নির্বাচনটো তেওঁৰ বাবে এক প্রত্যাহ্বান হ’ব বুলিও বৃন্দাবন গোস্বামীয়ে সদৰী কৰে৷
উল্লেখ্য যে বঢ়মপুৰত প্রার্থিত্বৰ পৰা বঞ্চিত হোৱা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ লগত যোগাযোগ কৰাৰ সমান্তৰালভাৱে কমলপুৰৰ বিধায়ক সত্যব্রত কলিতায়ো কংগ্রেছত যোগ দিয়াৰ প্রস্তুতি চলাইছে৷ তাৰ মাজতে প্রার্থিত্বৰ পৰা বঞ্চিত হোৱা আন এগৰাকী জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীয়েও আওপকীয়াকৈ দল এৰাৰ হুংকাৰ দিছে৷