নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাৰাত ৰাষ্ট্রীয় ঘাইপথ অৱৰোধেৰে বিজেপি কর্মীৰ প্রতিবাদ

পশ্চিম গুৱাহাটী সমষ্টি পুনৰ অগপক এৰি দিয়াৰ বিৰোধিতা

নিয়মীয়া বাৰ্তা ৮ মাৰ্চঃ অগপ–বিজেপি নেতৃত্বাধীন মিত্রজোঁটে পশ্চিম গুৱাহাটী সমষ্টিটো পুনৰ অগপক এৰি দিয়াৰ পিছত এইবাৰ প্রার্থিত্বকেন্দ্রিক সংঘাতত উত্তাল হৈ পৰিছে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টি৷ আজাৰাত দেওবাৰে দুপৰীয়া প্রায় এহেজাৰ বিজেপি কার্যকর্তাই সমষ্টিটো অগপক এৰি দিয়াৰ বিৰুদ্ধে ৩৭নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ অগপ বিধায়ক আৰু দলটোৰ নেতা ৰমেন্দ্র নাৰায়ণ কলিতাক প্রার্থিত্ব দিয়াৰ বিৰোধিতা কৰি দলৰ কার্যকর্তাসকলে হাতে হাতে প্লেকার্ড, বেনাৰ লৈ বিজেপি জিন্দাবাদ, ভাৰত মাতা কী জয়, আমাক বিজেপি প্রার্থী লাগিবই, দৰকাৰ হ’লে বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা কৰিম তথাপি আমাক পদুম ফুলৰ সৈতে দলীয় প্রার্থী দিয়ক ধ্বনিৰে প্রথমতে আজাৰা ৰাণীগেটস্থিত ৰাণী মণ্ডল কার্যালয়ৰ বাকৰি উত্তাল কৰি তোলে৷ তাৰ পিছত কার্যকর্তাসকলে মণ্ডল কার্যালয়ৰ সন্মুখত থকা গুৱাহাটী অভিমুখী ৩৭নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে৷ ফলত পথছোৱাত যান–জঁটৰ সৃষ্টি হয়৷

অৱশ্যে দহ মিনিট মান পিছতেই আজাৰা থানাৰ ভাৰপ্রাপ্ত বিষয়া উৎপল চাংমাই এদল আৰক্ষী–চিআৰপিএফ বাহিনীসহ অৱৰোধথলীত উপস্থিত হৈ প্রতিবাদী বিজেপি কর্মীসকলক বুজনি দি পথছোৱা মুকলি কৰিবলৈ সক্ষম হয়৷ প্রতিবাদী কার্যসূচীত বিজেপিৰ গুৱাহাটী জিলা কমিটীৰ সম্পাদক বলেশ্বৰ ৰংপী, সমষ্টিটোৰ তিনিখন মণ্ডল কমিটী ক্রমে ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথ, পশ্চিম গুৱাহাটীৰ সভাপতি দেৱজিৎ ৰাজবংশী, দক্ষিণ গুৱাহাটীৰ উপ–সভাপতি ভৱেশ সৰকাৰকে ধৰি কেইবাজনো নেতা উপস্থিত হৈ সাংগঠনিক দিশত শক্তিশালী অৱস্থানত থকা পশ্চিম গুৱাহাটীত বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা হ’লেও বিজেপিৰ প্রার্থীগৰাকীক বিপুল ভোটত বিজয়ী কৰাব বুলি ঘোষণা কৰে৷ আনকি দলীয় নেতৃত্বই সমষ্টিটোত যদিহে বন্ধুত্বমূলকভাৱে বিজেপিৰ প্রার্থী নিদিয়ে, তেতিয়াহ’লে কর্মীসকলে সমূহীয়াভাৱে তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লোৱা বুলি নেতাসকলে জানিবলৈ দিয়ে৷

You might also like