নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জি ট্রফীত ধাৱনৰ শতকঃ ব্যর্থ ৰাহানে, পৃথি

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ ৰঞ্জি ট্রফীত প্রথমবাৰৰ বাবে বিপর্যয়ৰ সন্মুখীন হৈছে ৪১বাৰৰ চেম্পিয়ন মুম্বাই৷ ৰে’লৱেৰ বিৰুদ্ধে বুধবাৰৰ পৰা আৰম্ভ হোৱা গ্রুপ ‘চি’ৰ মেচখনত তাৰকাসমৃদ্ধ দলটোৱে ভোজন বিৰতিৰ পূর্বেই মাত্র ১১৪ ৰানত ইনিংছ সামৰে৷ উল্লেখ্য যে ৰঞ্জি ট্রফীৰ প্রথম দিনৰ ভোজন বিৰতিৰ পূর্বেই মুম্বাই দলে প্রথমবাৰৰ বাবে  ইনিংছ সামৰিবলৈ বাধ্য হয়৷ দলটোক প্রতিনিধিত্ব কৰা ভাৰতীয় খেলুৱৈ আজিংক্য ৰাহানেই ৫ আৰু পৃথ্বি শ্বই ১২ ৰানতে পেভিলিয়নমুখী হয়৷ অধিনায়ক সূর্য কুমাৰ যাদৱে মুম্বাইৰ হৈ সর্বাধিক ৩৯ ৰান সংগ্রহ কৰে৷ প্রত্যুত্তৰত ৰে’লৱেই ৫ উইকেট হেৰুৱাই ১১৬ ৰান সংগ্রহ কৰিছে৷ মন কৰিবলগীয়া যে আঠ মাহৰ নিলম্বনৰ অন্তত শেহতীয়াকৈ প্রত্যাৱর্তন ঘটা পৃথ্বি শ্বই ৰঞ্জি ছীজনৰ প্রথমখন মেচত শতকেৰে উজলি উঠিছিল৷ টেষ্ট কেৰিয়াৰৰ প্রথমখন মেচতে শতক অর্জন কৰা প্রতিভাৱান অ’পেনাৰগৰাকীয়ে নিউজিলেণ্ড ভ্রমণৰ বাবে ঘোষিত ভাৰতীয় ‘এ’ দলতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, দিল্লী ৰঞ্জি দলৰ হৈ আজি শতক অর্জন কৰে তাৰকা অ’পেনাৰ শিখৰ ধাৱনে৷ হায়দৰাবাদৰ বিৰুদ্ধে মেচখনত দিল্লীৰ বেটিং বিপর্যয় ৰোধ কৰি বাঁওহতীয়া অ’পেনাৰগৰাকীয়ে ১৩৭ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ ১৯৮টা বলৰ সন্মুখীন হৈ তেওঁ ১৯টা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰীৰে অপৰাজিত ইনিংছটো সজায়৷ দিনান্তত দিল্লীয়ে ৬ উইকেটত ২৬৯ ৰান সংগ্রহ কৰিছে

You might also like