যি দলৰ লক্ষ্য–স্পষ্ট নীতি নাই সেই দলেই উন্নয়ন কৰিব নোৱাৰে
ড০ শর্মা বিৰোধীক তীব্র কটাক্ষ মুখ্যমন্ত্রী সোণোৱালৰ
নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ প্রথম পর্যায়ৰ বিধানসভা নির্বাচনৰ তৎপৰতা তুংগত উঠাৰ সময়তে আজি বিৰোধীক লক্ষ্য কৰি সৰৱ হৈ পৰিল মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটক কটাক্ষ কৰি মুখ্যমন্ত্রীৰ মন্তব্য– যি দলৰ লক্ষ্য, স্পষ্ট নীতি নাই, সেই দলে উন্নয়ন কৰিব নোৱাৰে৷ আজি মহানগৰীৰ তাজ ভিভাণ্টা হোটেলত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এখন গ্রন্থ উন্মোচন কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– বিৰোধী দলসমূহৰ আজি যি অৱস্থা, তাক ৰাইজে ভালদৰে প্রত্যক্ষ কৰিছে৷ তেওঁলোকৰ কোনো মহৎ লক্ষ্য নাই৷ কেৱল অনাহুত পৰিস্থিতি সৃষ্টি কৰা আৰু বিভিন্ন বেমেজালিৰে এই দলসমূহ ৰাইজৰ মাজত থিয় দিছে৷ আজি সকলো সৰু–বৰ জাতি–জনগোষ্ঠীক লগত লৈ বিজেপিয়ে ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ সক্ষম হৈছে৷ চৰকাৰখনে দুর্নীতিমুক্ত, প্রদূষণমুক্ত, সন্ত্রাসবাদ মুক্ত, বিদেশীমুক্ত আৰু বিকশিত অসমৰ নীতিত উপনীত হ’বলৈ সক্ষম হৈছে৷ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ ৰাইজৰ লগত কথা পাতি গম পাইছোঁ যে ৰাইজে আজি বিজেপিক পুনৰ ক্ষমতালৈ আনিবলৈ অপেক্ষা কৰি আছে৷
ইয়াৰ বিপৰীতে বিৰোধীৰ অস্তিত্বহীনতা ৰাইজে অনুভৱ কৰিছে৷ গতিকে যি দলৰ কোনো স্পষ্ট নীতি নাই, লক্ষ্য নাই, সেই দলে জনসাধাৰণৰ কেতিয়াও উন্নয়ন দিব নোৱাৰে, শান্তি দিব নোৱাৰে আৰু সুৰক্ষা দিব নোৱাৰে৷ আনহাতে, নির্বাচনৰ প্রসংগত আজি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে এইবাৰ বিজেপিৰ নির্বাচনী ইছ্যু হ’ব সুৰক্ষা, সভ্যতা আৰু বিকাশ৷ সাংবাদিকৰ আগত মন্ত্রীগৰাকীয়ে কয়– অসমৰ ৰাইজে এইবাৰ আজমলক ভোট নিদিয়ে৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই নির্বাচনত নিশ্চিতভাৱে ধর্মীয় মেৰুকৰণ কৰিব৷ যদি কংগ্রেছে এককভাৱে নির্বাচনত অৱতীর্ণ হ’লহেঁতেন, তেন্তে বিজেপিৰ মূল ইছ্যু হ’লহেঁতেন উন্নয়ন তথা বিকাশ৷ কিন্তু কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা এই নির্বাচনত সভ্যতাৰ সংঘাত আনি দিছে৷ বিজেপিৰ মূল প্রচাৰ হ’ব সুৰক্ষা, সভ্যতা আৰু বিকাশ৷ আমি বিজেপিয়ে অসমৰ সংস্কৃতিলৈ অনা ভাবুকি, সীমান্তলৈ অনা ভাবুকিৰ প্রতি উদ্বিগ্ণ৷
তদুপৰি আমি আমাৰ সভ্যতাৰ প্রতি অহা ভাবুকিৰ বাবেও উদ্বিগ্ণ৷ একেদৰে অসমৰ উন্নয়নৰ ক্ষেত্রতো আমি দায়বদ্ধ৷ সেয়েহে আমাৰ মূল নির্বাচনী ইছ্যু হ’ব সুৰক্ষা, সভ্যতা আৰু বিকাশ৷ আমি শৰাইঘাটৰ শেষ ৰণ ইতিমধ্যে জয় কৰিছোঁ৷ এইবাৰ আমাৰ যুঁজ হ’ব সভ্যতা–সংস্কৃতি ৰক্ষা কৰা৷ আনহাতে, এইবাৰৰ নির্বাচনত ‘কা’ আইনৰ কোনো প্রভাৱ নপৰিব বুলি স্পষ্ট কৰি দি মন্ত্রী ড০ শর্মাই কয়– ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ পাছত অসমৰ ৰাইজে ‘কা’ আইনৰ পৰিৱেশ পাহৰিছে৷ ৰাইজৰ এতিয়া মনোযোগ ‘কা’ আইনৰ পৰিৱর্তে আজমলৰ ওপৰতহে৷ ইফালে, কেইবাটাও সমষ্টিত বন্ধুত্বপূর্ণ প্রতিযোগিতাৰ প্রসংগত মন্ত্রীগৰাকীয়ে বিজেপি আৰু অগপই কিয় নির্দিষ্ট সমষ্টিত বন্ধুত্বপূর্ণ প্রতিযোগিতা কৰিব লগা হ’ল, সেয়া নির্বাচনৰ পাছত স্পষ্ট কৰিব বুলি মন্তব্য কৰে৷