মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ভেটি কঁপাই শক্তি প্রদর্শন অজাপৰ
সমষ্টিলৈ বৃহৎ ৰেলীৰে আদৰণি ড০ শিখৰ কুমাৰ শর্মাক
নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ সোমবাৰে মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ভেটি কঁপাই তোলে নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদে৷ আঞ্চলিক দলটোৰ ধর্মপুৰ সমষ্টিৰ প্রার্থিত্ব লাভ কৰা ড০ শিখৰ কুমাৰ শর্মাক আজি দলীয় কর্মী–সমর্থকে বিয়লি তিনি শতাধিক বাইকেৰে আদৰি আনে সমষ্টিলৈ৷নলবাৰী গর্ডন স্কুল খেলপথাৰৰ পৰা আঞ্চলিক দলটোৰ সমর্থকসকলে বিপুল হর্ষোল্লাসেৰে আদৰি আনে সমষ্টিলৈ৷ কেইবাখনো বাহনকে ধৰি তিনি শতাধিক বাইকেৰে শোভাযাত্রা উলিয়াই এখন খোলা বাহনত উঠাই ড০ শর্মাক আদৰে সমর্থকসকলে৷ সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত ড০ শর্মাই ধর্মপুৰৰ ৰাইজে এইবাৰ পৰিৱর্তন বিচাৰিছে বুলি মন্তব্য কৰে৷ লগতে বিগত ৩৫ বছৰ ধৰি ধর্মপুৰত চলি অহা একঘেয়ামী ৰাজনীতিৰ অৱসান ঘটাবলৈ বিচৰা বুলিও উল্লেখ কৰে প্রার্থীগৰাকীয়ে৷ আপোচবিহীন আদর্শগত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে ৩৫ বছৰীয়া একঘেয়ামী ৰাজনীতিৰ অৱসান ঘটাবলৈ এই মহাৰণত অংশ ল’বলৈ ওলাই অহাৰ কথা ব্যক্ত কৰে ড০ শর্মাই৷ সমাগত বিধানসভা নির্বাচনত ধর্মপুৰত ৮০ হাজাৰৰ পৰা ৮৫ হাজাৰ ভোট লাভ কৰিব বুলিও তেওঁ দাবী কৰে৷ হাতে হাতে দলীয় পতাকা লৈ শোভাযাত্রাকাৰী দলটোৱে ধর্মপুৰ–নলবাৰী সীমান্ত সন্ধেলীৰ পৰা নলবাৰী–পল্লা ৰোড হৈ পানীগাঁও, বিহামপুৰ, চামতা, বেলশৰ, বনগাঁও হৈ গৃহগাঁও বৰনর্দ্দীত উপস্থিত হয়৷