নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীৰ প্রান্তে প্রান্তে মুকলি বিজেপিৰ নির্বাচনী কার্যালয়

ড০ হিমন্ত বিশ্ব শর্মাক অভিলেখ ৰচি জয়ী কৰোৱাৰ মন দলীয় নেতা–কর্মীৰ

নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ জালুকবাৰী সমষ্টিৰ অন্তর্গত শিঙিমাৰীত আজি সন্ধিয়া ভাৰতীয় জনতা পার্টীৰ তিনিটা কার্যালয় মুকলি কৰা হয়৷ শিঙিমাৰীৰ অঞ্চলৰ গাঁওবুঢ়া তথা সমাজকর্মী হৰেন বর্মনে কার্যালয়ৰ দ্বাৰ মুকলি কৰে৷ উদ্বোধনী ভাষণত তেওঁ জালুকবাৰী সমষ্টিৰ বিজেপিৰ প্রার্থী ড০ হিমন্ত বিশ্ব শর্মাক পূর্বৰ সকলো অভিলেখ ভংগ কৰি ভোটৰ নতুন ৰেকর্ড সৃষ্টি কৰি নির্বাচনত বিজয় সাব্যস্ত কৰিবলৈ সকলোৱে ঐক্যবদ্ধ হ’ব লাগিব বুলি কয়৷ দলৰ এটা ভোটো যাতে কোনো কাৰণতে অথলে যাব নোৱাৰে তাৰ প্রতি সজাগ আৰু সচেতন হ’ব লাগিব বুলি কয়৷ উদ্বোধনী অনুষ্ঠানত বন্তি প্রজ্বলন কৰি শুৱালকুছি মণ্ডলৰ সভাপতি হেমচন্দ্র বৈশ্যই দলীয় কর্মীসকলক একাগ্রতাৰে সকলো কামত অগ্রসৰ হ’বলৈ আহ্বান জনায়৷ নতুন ভোটাৰসকলক লগ কৰি দলটোৱে কৰা উন্নয়নৰ কথা অৱগত কৰি বিজেপিৰ পক্ষত ভোটখিনি অনাৰ চেষ্টাত ব্রতী হ’বলৈ স্থানীয় কর্মীসকলক তেওঁ আহ্বান জনায়৷ উদ্বোধনী অনুষ্ঠানত শুৱালকুছি জিলা পৰিষদৰ সদস্যা নন্দিতা কলিতা, শিঙিমাৰী পঞ্চায়তৰ প্রতিনিধি প্রমুখ্যে কেইবাজনো দলৰ স্থানীয় বিষয়ববীয়া আৰু কর্মকর্তা উপস্থিত থাকে৷

ইফালে, জালুকবাৰী সমষ্টিৰ বেজেৰা আৰু শুৱালকুছি মণ্ডল বিজেপিৰ অধীনত কালি কেইবাটাও বিজেপি নির্বাচনী কার্যালয় মুকলি কৰা হয়৷ কার্যালয় মুকলি অনুষ্ঠানতে কেইবাশ লোক উপস্থিত থাকে৷ বিজেপি বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, সাধাৰণ সম্পাদক ৰুবুল দাসে জানিবলৈ দিয়া মতে, কালি সন্ধিয়া আশা কৰাতকৈ যথেষ্টসংখ্যক লোকৰ উপস্থিতিত বেজেৰা পঞ্চায়তৰ মুখ্য নির্বাচনী কার্যালয় মুকলি কৰে দলটোৰ মহানগৰ জিলা সমিতিৰ সভাপতি মৃগেন শৰণীয়াই৷ একেদৰে মান্দাকাটাত লেঙাৰ জ্যেষ্ঠ সমাজকর্মী , নিবন্ধকাৰ মোহন চন্দ্র শইকীয়াই, আগডলাত জ্যেষ্ঠ বিজেপি নেতা–কর্মী মদন ডেকাই কার্যালয় মুকলি কৰে৷ পতাকা উত্তোলন কৰে পৱিত্র দেৱ শর্মাই৷ ধোপাতাৰীত পঞ্চায়ত সভাপতি কুশল চন্দ্র কলিতা আৰু শৰাইঘাট পঞ্চায়তৰ চাংসাৰিত নির্বাচনী কার্যালয় মুকলি কৰে বিজেপিৰ জ্যেষ্ঠ কর্মী তথা নির্বাচনী সমিতিৰ উপদেষ্টা দয়াৰাম নাথে৷ সাধাৰণ সম্পাদক ৰুবুল দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত মৃণাল কুমাৰ দেৱনাথ , মুন দাস, নয়নমণি বৰা, নৃপেন নাথ, প্রভাত কলিতা, দীপক নাথ, ভৱেশ নাথ সমন্বিতে বহুকেইগৰাকী তৃণমূল পর্যায়ৰ বিজেপি নেতা –কর্মী উপস্থিত থাকে আৰু নির্বাচনত ড০ হিমন্ত বিশ্ব শর্মাক যাতে ৰাজ্যখনৰ ভিতৰতে অধিকাংশ ভোটত জয়ী কৰি আনিব পাৰে তাৰ বাবে কষ্ট স্বীকাৰ কৰিবলৈ আহ্বান জনায় ৷ ইপিনে, আজি ৰুদ্রেশ্বৰ পঞ্চায়তৰ নির্বাচনী কার্যালয় মুকলি কৰা হয় আৰু কাইলৈ লাচিতগড পঞ্চায়তৰ কার্যালয় মুকলি হ’ব বুলি ৰুবুল দাসে জানিবলৈ দিছে৷

You might also like