সৰু সৰু ল’ৰাক লৈ লুৰিণে মটৰচাইকেল ৰেলী কৰিছেঃ টেৰছ গোৱালা
নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ “লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক নেটৱৰ্ক আছুৰ ওপৰত নিৰ্ভৰশীল। অসমৰ ৰাইজৰ আছুৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস নাইকিয়া হ’ল। আছুক ৰাজনৈতিক মঞ্চ হিচাবে ব্যৱহাৰ কৰাত অনাগত দিনত কোনো পিতৃ-মাতৃয়ে নিজৰ সন্তানক আছু কৰিবলৈ নিদিয়ে।”– আজি লুৰিণজ্যোতি গগৈক সমালোচনা কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে টেৰছ গোৱালাই।
ইপিনে লুৰিণজ্যোতি গগৈ মোৰ কাৰণে কোনো ফেক্টৰ হ’বই নোৱাৰে বুলি মন্তব্য কৰি গোৱালাই কয় যে আছু অধিবেশনৰ নামত দুলীয়াজানত আছু কৰ্মীয়ে ব্যৱসায়িক ভয় ভাবুকিৰে আতংকয় পৰিবেশৰ সৃষ্টি কৰিছিল। যদি লুৰিণজ্যোতি গগৈ নিৰ্বাচনত জয়ী হয় তেনেহলে দুলীয়াজানত আতংকময় পৰিবেশৰ সৃষ্টি হ’ব বুলিও উল্লেখ কৰে টেৰছ গোৱালাই।