যোৰহাটত মনোনয়ন দাখিল অজাপৰ প্রার্থী নিৰোদ চাংকাকতিৰ
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বিধানসভা নিবার্চনৰ মনোনয়ন দাখিলৰ মঙলবাৰে অন্তিম দিনটোত অসম জাতীয় পৰিষদৰ প্রার্থী হিচাপে যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী নিৰোদ চাংকাকতিয়ে মনোয়ন পত্র দাখিল কৰে৷ মনোনয়ন দাখিল কৰিবলৈ অহা চাংকাকতিক যোৰহাট জিলাৰ বৌদ্ধিক মহলৰ ভালেসংখ্যক ব্যক্তিয়ে সংগ দিয়াৰ লগতে নতুন প্রজন্মৰ বহু ভোটাৰ আহি তেওঁক উৎসাহ যোগায়৷
আন প্রার্থীৰ বিপৰীতে ব্যতিক্রম ৰূপত শুভ্র জাতীয় পোছাক পৰিধাৰণ কৰি জিলা ৰিটার্নিং বিষয়াৰ ওচৰত মনোয়ন পত্র দাখিল কৰি নিৰোদ চাংকাকতিযে সাংবাদিকৰ বিভিন্ন প্রশ্ণৰ উত্তৰত কয় যে অসমখন সমস্যা বহুল ৰাজ্য৷ ৩ কোটি ৩৩লাখ জনসংখ্যাৰ ৯৬ লাখ হিতাধিকাৰীয়ে প্রমাণ কৰিছে অসমৰ দুখলগা ছবি৷ স্বাধীনতাৰ পিছত হিতাধিকাৰী সংখ্যা বৃদ্ধি পোৱাটো স্পষ্ট হৈ পৰিছে যে কোনো এখন চৰকাৰেই জনসাধাৰণৰ আশা–আকাংক্ষা পূৰণ কৰিব পৰা নাই৷ এক তৃতীয়াংশ দৰিদ্র ৰাজ্যখনক আগুৱাই নিয়াৰ ক্ষেত্রত সঠিক পৰিকল্পনাৰ প্রয়োজন আহি পৰা বুলি চাংকাকতিয়ে মন্তব্য কৰে৷ এখন উন্নত আৰু আদর্শবান সমাজ গঢ় দিয়াৰ লক্ষৰে মানৱ সম্পদ সৃষ্টি কৰিবলৈ প্রয়াস চলোৱা হ’ব বুলি ব্যক্ত কৰা জাতীয় পৰিষদৰ প্রার্থী নিৰোদ চাংকাকতিয়ে যোৰহাটৰ খোৱা পানীৰ সমস্যা মূল হিচাপে অভিহিত কৰি পৰিকল্পিতভাৱে ব্রহ্মপুত্রৰ পানী আনি ৰাইজক যোগান ধৰিব বুলি কয়৷ আগন্তুক নির্বাচনত জয়ী হোৱাটো নিশ্চিত বুলি ব্যক্ত কৰি নিৰোদ চাংকাকতিয়ে ৰাইজেই অসম জাতীয় পৰিষদৰ মূলধন বুলি মন্তব্য কৰে৷
ইতিমধ্যে দলটোৱে অসমৰ ৰাইজৰ অকুণ্ঠ সঁহাৰি পোৱা বুলি মন্তব্য কৰি প্রার্থীগৰাকীয়ে সমাজৰ সর্বস্তৰৰ লোকে তেওঁৰ সমর্থনত ওলাই অহা বুলি কয়৷ অসমৰ এজন প্রতিষ্ঠিত ব্যৱসায়ী নিৰোদ চাংকাকতি যোৰহাট পৌৰসভাৰ ১১নং ৱার্ডৰ পৰা দুবাৰকৈ নির্বাচিত হোৱা যোৰহাটৰ এক পৰিচিত নাম৷ কিতাপ বাতৰি কাকতৰ প্রতিষ্ঠান চাংকাকতি বুকছ এণ্ড পাব্লিকেচন সম্প্রতি যোৰহাটৰ শৈক্ষিক কেন্দ্রলৈ পৰিণত কৰি নিৰোদ চাংকাকতিয়ে এক নতুন শৈক্ষিক আন্দোলন গঢ়ি তুলিছে৷ সামাজিক কাম–কাজৰ সমান্তৰালভাৱে যোৰহাটৰ শৈক্ষিক ক্ষেত্রখনত দীর্ঘদিনৰে পৰা নিস্বার্থভাৱে সেৱা আগবঢ়ায় অহা চাংকাকতিক অসম জাতীয় পৰিষদে প্রার্থিত্ব প্রদান কৰাত আগন্তুক বিধানসভা নির্বাচনত কংগ্রেছ আৰু বিজেপি তীব্র প্রত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত৷