নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশী দর্শক অবিহনে অলিম্পিক; জিমনাষ্টিকছৰ টেষ্ট ইভেণ্ট বাতিল

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ মহামাৰীৰ আতংক সম্পূর্ণৰূপে শাম কটা নাই যদিও টকিঅ’ অলিম্পিক আয়োজন কৰিবলৈ সাজু হৈছে জাপান চৰকাৰ৷ ক’ভিড–১৯এ সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ বাবে এবছৰলৈ পিছুওৱা টকিঅ’ অলিম্পিক জাপান চৰকাৰে এইবাৰ বিদেশী দর্শক অবিহনে আয়োজন কৰিব৷ আয়োজক কমিটীৰ এগৰাকী বিষয়াই আজি এই কথা জানিবলৈ দি কয় যে মহামাৰীৰ প্রতি লক্ষ্য ৰাখি এই মুহূর্তত বিদেশৰ দর্শকৰ বাবে অলিম্পিক মুকলি কৰি দিয়াটো নিৰাপদ নহ’ব৷ একেদৰে শিখা দৌৰৰ উদ্বোধনী অনুষ্ঠানো দর্শকৰ অনুপস্থিতিত আয়োজনৰ চিন্তা–চর্চা কৰিছে জাপান চৰকাৰে৷

উল্লেখ্য যে বিগত বর্ষত অনুষ্ঠিত হ’বলগীয়া টকি’ অলিম্পিক এইবাৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’ব৷ ইফালে, ক’ভিড–১৯ৰ ফলত সৃষ্টি হোৱা জটিলতাৰ বাবে আন্তঃৰাষ্ট্রীয় জিমনাষ্টিকছ ফেডাৰেচনে  অলিম্পিকৰ টেষ্ট ইভেণ্ট হিচাপে চিহ্ণিত আর্টিষ্টিক অল–এৰাউণ্ড বিশ্বকাপ বাতিল কৰিছে৷ এই ইভেণ্ট অহা ৪ মে’ৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল৷

You might also like