নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কল্মাউজ’ মাৰক পাঁচ বছৰৰ পঢ়াৰ খৰচ দিব সমুজ্জ্বল ভট্টাচার্যই

হাফলঙত ‘অ’ মোৰ আপোনাৰ দেশ’ গাই মুহিলে কণমানিয়ে

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ ডিমা হাছাও জিলাৰ এগৰাকী ৬ বছৰীয়া মৰমলগা কণমানি৷ নাম কল্মাউজ’ মাৰ৷ জিলাখনৰ হাফলঙৰ ভিতৰুৱা অঞ্চল মৱলহই গাঁৱৰ এই কণমানিজনীয়ে অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ…’ সুন্দৰকৈ গাই মুহিলে সহস্রজনৰ অন্তৰ৷ কল্মাউজ’ মাৰে খমখমীয়া মুগাৰ মেখেলা–চাদৰ, ৰঙা ৰঙৰ ব্লাউজ, দুহাতত গামখাৰু আৰু খোপাত কপৌফুল গুঁজি লৈ শুৱলাকৈ জাতীয় সংগীত গোৱা ভিডি’ এটা ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে ভিডি’টো বর্তমান ভাইৰেল হৈ পৰিছে৷ ভিডি’টোৰ বাবে শিশু কল্মাউজ’ মাৰে বিভিন্নজনৰ পৰা প্রশংসা লাভ কৰিছে৷ বিভিন্নজনৰ চর্চাৰ বিষয় হৈ পৰিছে কণমানিটি৷ উল্লেখ্য যে এই ভিডি’টো প্রত্যক্ষ কৰাৰ পিছতে নেছ’ৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই উত্তৰ কাছাৰ খিলঞ্জীয়া ছাত্র ফেডাৰেচনৰ সৈতে হোৱা আলোচনা মর্মে প্রতিভাৱান কল্মাউজ’ক অহা ৫ বছৰৰ পঢ়া–শুনাৰ যাৱতীয় খৰচৰ দায়িত্ব লোৱা বুলি নিজৰ ‘টুইটাৰ’ত প্রকাশ কৰে৷

সেই অনুসৰি তেওঁ আগন্তুক ৫ বছৰৰ বাবে শিশুটিৰ পঢ়াৰ সম্পূর্ণ খৰচ বহন কৰিব৷ উল্লেখ্য যে কল্মাউজ’ মাৰে মঙলবাৰে উক্ত ভিডি’টো ছ’চিয়েল মিডিয়াত আপলোড কৰি এনেদৰে লিখিছে– ‘চহকী ঐতিহ্য সংস্কৃতি আৰু পৰম্পৰাৰে ভৰা এখন ঠাই সেইখনেই হ’ল মোৰ ধুনীয়া ৰাজ্য অসম য’ত বিভিন্ন সংস্কৃতি আৰু ধর্মৰ মানুহে মৰম আৰু একতাৰ বান্ধোনেৰে একেলগে বসবাস কৰে৷ আহা আমি সকলোৱে আমাৰ ৰাজ্যখনৰ চহকী ঐতিহ্য মৰম, শান্তি আৰু একতাৰে সংৰক্ষণৰ চেষ্টা কৰোঁ৷’ উল্লেখ্য যে কল্মাউজ’ক অহা ৫ বছৰৰ বাবে পঢ়া–শুনাৰ খৰচ দিয়াৰ কথা প্রকাশ কৰা টুইটাৰত ড০ সমুজ্জ্বল ভট্টাচার্যই উক্ত ভিডি’টোৰ লিংক শ্বেয়াৰ কৰে৷ লগতে কল্মাউজ’ মাৰে সুৱলা কণ্ঠৰে অসমৰ জাতীয় সংগীত পৰিৱেশনৰ বাবে কৰা পদক্ষেপ অতি প্রশংসনীয় বুলি লিখে৷ উল্লেখ্য যে কল্মাউজ’ৰ উক্ত ভিডি’টো বাতৰি লিখা সময়লৈকে ১২,৪০০তকৈ অধিক লোকে ইউটিউবত প্রত্যক্ষ কৰিছে আৰু ৩৪ হাজাৰে ছাবস্ক্রাইব কৰে৷

You might also like