নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰেশ বৰুৱাৰে সৌজন্যমূলক আলাপ হৈছিলঃ প্রিয়ংকা

নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ  একাংশ সংবাদ মাধ্যমত প্রকাশ পোৱাৰ দৰে নির্বাচনলৈ সমর্থন নহয় আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে এক সৌজন্যমূলক কথা –বার্তাহে হৈছিল৷ আজি চাবুৱা সমষ্টিৰ নির্দলীয় প্রার্থী হিচাপে মনোনয়ন দাখিল কৰা প্রিয়ংকা নেওগে সংবাদ মাধ্যমৰ আগত এইদৰে ব্যক্ত কৰাটোৱে তাৎপর্য বহন কৰিছে৷ উল্লেখ্য যে চাবুৱা সমষ্টিৰ বিজেপিৰ নেত্রী প্রিয়ংকা নেওগে দলৰ নেতৃত্বৰ সিদ্ধান্তৰ বিৰোধিতা কৰি সমষ্টিটোৰ পৰা নির্দলীয় হিচাপে মনোনয়ন দাখিল কৰাৰ সময়তে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই ফোন কৰা বুলি প্রকাশিত খবৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ইফালে আলফা সেনাধ্যক্ষগৰাকীয়ে অতি ঘৰুৱাভাৱে চাবুৱা সমষ্টিৰ নির্বাচনী ৰাজনীতিৰ খা–খবৰ লৈ বার্তালাপ কৰিছিল যদিও নির্বাচনত সমর্থন কৰাৰ সন্দর্ভত টু শব্দ এটাও উচ্চাৰণ কৰা নাছিল বুলি আজি প্রিয়ংকা নেওগে স্পষ্ট কৰি দিয়ে৷লক্ষণীয় যে বিজেপিৰ চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাক লাহোৱাল সমষ্টিলৈ প্রক্ষেপ কৰি চাবুৱাত অগপৰ প্রার্থী পোনাকণ বৰুৱাক প্রার্থিত্ব প্রদান কৰাত বিজেপিৰ একাংশ দলীয় কর্মী ক্ষুব্ধ হৈ প্রিয়ংকা নেওগক নির্দলীয় প্রার্থী হিচাপে প্রক্ষেপ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইফালে প্রার্থীগৰাকীক মনোনয়ন উঠাই লৈ মিত্রজোঁটৰ প্রার্থীক জয়ী কৰাবলৈ বিভিন্ন পক্ষই ব্যাপক হেঁচা প্রয়োগ কৰা হৈছে যদিও দলীয় সতীর্থৰ সিদ্ধান্তক অৱমাননা কৰি কোনো পৰিস্থিতিতে প্রার্থিত্ব প্রত্যাহাৰ নকৰে বুলি নেওগে প্রকাশ কৰিছে৷ক্ষুব্ধ বিজেপি কর্মীৰ সমর্থনপুষ্ট প্রিয়ংকা নেওগে নির্বাচনত অৱতীর্ণ হ’লে চাবুৱা সমষ্টিৰ নির্বাচনত জয়ী হোৱাৰ সম্ভাৱনা ক্ষীণ যদিও বিজেপি–গপৰ ভোট বিভাজন ঘটাই কংগ্রেছক লাভান্বিত কৰিব বুলি ৰাজনৈতিক ভূ–ৰখা মহেল মন্তব্য কৰিছে৷

You might also like