নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত এএছডিচিৰ প্ৰাৰ্থী ৰাজেন্দ্ৰ ৰংপি আৰু চিপিআই(এম.এল)ৰ প্ৰাৰ্থী আমলং ইংতিৰ মনোনয়ন দাখিল

 পৰম্পৰাগত সাংস্কৃতিক বাদ্য-যন্ত্ৰ-নৃত্য পৰিৱেশনৰে উৎসৱমুখৰ পৰিৱেশ

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ বাবে ভিন্ন দলৰ বৃহস্পতিবাৰে দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১ বজাত কাৰ্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰাজেন্দ্ৰ ৰংপিয়ে বোকাজান মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামৰ হাতত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। অৰ্ধ সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে শুকানজানৰ পৰা পদব্ৰজে শোভাযাত্ৰা কৰি গৈ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলে কাৰ্বি, গাৰো, আদিবাসী আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক বাদ্য-যন্ত্ৰ তথা নৃত্য পৰিৱেশন কৰি বোকাজান নগৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
উল্লেখ্য যে, অসমৰ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু কাৰ্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ মিত্ৰজোটৰ প্ৰাৰ্থীৰূপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ৰাজেন্দ্ৰ ৰংপিয়ে নিজ মনোভাৱ প্ৰকাশ কৰি কয় যে, পূৰ্বতে কাৰ্বি আংলংবাসীয়ে জিলাখনক উন্নত তথা সুৰক্ষিত কৰিবলৈ কেইবাটাও আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল যদিও সেই আন্দোলনসমূহ কিন্তু সম্পূৰ্ণৰূপে সফল নহ’ল। আন্দোলনসমূহৰ শেষত চৰকাৰৰ লগত স্বাক্ষৰিত কেইবাখনো চুক্তিৰ দফাসমূহ বাস্তৱ ক্ষেত্ৰত ৰূপায়ন হোৱা হ’লে জিলাখনৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন পোৱাৰ লগতে সাধাৰণ জনতাই চুক্তি কেইখনৰ সুফল লাভ কৰিবলৈ সক্ষম হ’লহেতেন বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে।
আনহাতে আগন্তুক নিৰ্বাচনত অন্য কোনো দলীয় প্ৰাৰ্থীৰ লগত প্ৰতিদ্বন্দিতা কৰাত গুৰুত্ব দিয়াতকৈ কেনেদৰে নিৰ্বাচনত জয়যুক্ত হ’ব পাৰি তাৰ ওপৰতহে মনোনিবেশ কৰিব বুলি এএছডিচি দলৰ প্ৰাৰ্থী ৰাজেন্দ্ৰ ৰংপিয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।
ইপিনে, চিপিআই (এমএল) দলৰ বোকাজান সমষ্টিৰ প্ৰাৰ্থী আমলং ইংতিয়েও দলীয় নেতা-কৰ্মী তথা সমৰ্থকসহ বৃহস্পতিবাৰে বোকাজানৰ মহকুমাধিপতিৰ কাৰ্যালয়ত নিজ মনোনয়ন পত্ৰ দাখিল কৰে।
You might also like