নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটনত বিদ্যা বালান অভিনীত চুটিছবি ‘নটকাত’ প্ৰদৰ্শন, অভিনেত্ৰীৰে অনলাইন বাৰ্তালাপ

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক মহিলা দিৱস আৰু ‘হিংসা আৰু নিৰ্যাতনৰ বিৰুদ্ধে পুৰুষ’ (Men Against Violence and Abuse, MAVA)ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে চুটি ছবি ‘নটখাত’ প্ৰদৰ্শন কৰা হয়।

মহিলাৰ বিৰুদ্ধে হিংসা প্ৰতিহত কৰাৰ বাবে কাম কৰা ভাৰতৰ প্ৰথম পুৰুষ সংগঠন মাভা (MAVA)ৰ সহযোগত কটন বিশ্ববিদ্যালয়ৰ গণ-সংযোগ মাধ্যম, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগ আৰু নাৰী অধ্যয়ন কেন্দ্ৰৰ দ্বাৰা যৌথভাৱে এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল।

‘শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰ’ শ্ৰেণীত অস্কাৰ-২০২১ৰ দৌৰত থকা চুটি ছবি ‘নটখাত’ৰ প্ৰদৰ্শনৰ পিছত অভিনেতা-প্ৰযোজক, বিদ্যা বালান, লেখক অন্নুকাম্পা হৰ্ষ, লেখক-পৰিচালক শান ব্যাস আৰু সহযোগী প্ৰযোজক সানায়া ইৰাণীকে ধৰি ছবিখনৰ কলাকুশলী আৰু কৰ্মচাৰীৰ সৈতে শিক্ষাৰ্থীসকলৰ অনলাইন বাৰ্তালাপ হয়।

অনলাইন বাৰ্তালাপৰ বাবে মডাৰেটৰসকল আছিল ৰশ্মি লাম্বা আৰু তনায়া ভট্টাচাৰ্য। মত বিনিময়ৰ সময়ত ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী বিদ্যা বালানে কেনেকৈ চলচ্চিত্ৰৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা অভিনেতা-অভিনেত্ৰীয়ে সমাজত ইতিবাচক পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, সেই বিষয়ে আলোকপাত কৰে।

মাভাৰ কাৰ্যবাহী পৰিচালক হৰিশ সাদানিয়ে মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ বিৰুদ্ধে থিয় দিয়া পুৰুষসকলে কেনেদৰে একত্ৰীকৰণ, সংবেদনশীল আৰু মহিলাসকলৰ বাবে এক উন্নত স্থানলৈ ৰূপান্তৰ কৰিব পাৰে, সেই বিষয়ে উল্লেখ কৰে।

উল্লেখ্য এই অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, কৰ্মচাৰী, শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

You might also like