নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছতকৈ কোনো দুৰ্নীতিগ্ৰস্ত দল দেশত নাইঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ “কংগ্ৰেছে অসমীয়া জাতি আৰু সংস্কৃতিক আক্ৰমণ কৰিবলৈ চেষ্টা কৰা সকলৰ সৈতে হাত মিলাইছে। এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা, যেতিয়া তেওঁ জীয়াই আছিল, বাদৰুদ্দিন অজমলৰ সৈতে হাত মিলাবলৈ কথা পাতিছিল। তেওঁৰ মৃত্যুৰ পিছত, কংগ্ৰেছে আজমলৰ সৈতে মিত্ৰতা গঢ়ি তোলে।”– আজি অসমত উপস্থিত হৈ কংগ্ৰেছক সমালোচনা কৰি এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ।

ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণৰ দিন চমু চাপি অহাৰ সময়তে তুংগত উঠিছে নির্বাচনী প্রচাৰ৷ নির্বাচনৰ প্রাকক্ষণত ৰাজ্যলৈ আগমন ঘটিব কেইবাজনো ষ্টাৰ কেম্পইনাৰৰ৷ আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত আহি উপস্থিত হোৱা স্মৃতি ইৰাণীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছ দলক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দল বুলি অভিহিত কৰে। লগতে জনসাধাৰণক কেন্দ্ৰ আৰু ৰাজ্যৰ বিভিন্ন আঁচনিসমূহৰ সুবিধা গ্ৰহণ অব্যাহত ৰাখিবলৈ হ’লে বিজেপিক ভোট দিবলৈ আহ্বান জনাই।

সভাত স্মৃতি ইৰাণীয়ে কয় যে কংগ্ৰেছতকৈ কোনো দুৰ্নীতিগ্ৰস্ত দল দেশত নাই। কেৱল বিজেপিয়ে এনে দল, যি দৰিদ্ৰলোকৰ কল্যাণৰ বাবে সদায়ে কাম কৰি আহিছে।

ইৰাণীয়ে কয় যে বিজেপি চৰকাৰে ৰাজ্যজুৰি চাহ বাগিচাত কাম কৰা লোকসকলৰ বাবে অক্লান্ত ভাৱে কাম কৰিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি ইৰাণীয়ে কয় যে কংগ্ৰেছ চৰকাৰে কেতিয়াও দৰিদ্ৰ লোকসকলৰ বাবে কাম কৰা নাছিল। ইৰাণীয়ে জনসাধাৰণক বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিবলৈ আবেদন জনাই।

আনহাতে এই সভাতে কেন্দ্ৰীয় মন্ত্ৰী ইৰাণীয়ে ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক তেওঁৰ নাম নোলোৱাকৈয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু কয় যে অসমত কিছুমান ডাঙৰ কংগ্ৰেছ নেতাও আছে। যি প্ৰধানমন্ত্ৰী পৰ্যন্ত হৈছিল, কিন্তু অসমত এইমছ কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালতে নিৰ্মাণ সম্ভৱ হ’ল।

You might also like