নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত পুনৰ ক’ভিডৰ সংক্রমণৰ সংহাৰঃ এদিনতে আক্রান্ত ২৫,৩০২জন ব্যক্তি

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ দেশত ক’ভিড মহামাৰীয়ে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিবলৈ লৈছে৷ বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হৈছে ২৫ হাজাৰ ৩০২গৰাকী লোক৷ লক্ষণীয়ভাৱে বিগত তিনি মাহৰ পিছত মাত্র এটা দিনত ক’ভিডত ইমানসংখ্যক লোক আক্রান্ত হৈছে৷

ইতিমধ্যে ক’ভিড মহামাৰীত দেশত আক্রান্তৰ সংখ্যা হৈছেগৈ ১,১৩,৫৯,০৪৮গৰাকী লোক৷ ইফালে, মহামাৰীত প্রাণ হেৰুওৱাৰ সংখ্যা বৃদ্ধি পাইছে ১,৫৮,৬০৭গৰাকীলৈ৷ বিগত ২৪ ঘণ্টাত নতুনকৈ ক’ভিড মহামাৰীত প্রাণ হেৰুৱাইছে ১৬১গৰাকী লোকে৷

স্মর্তব্য যে ৪৪ দিনৰ পিছত প্রথমবাৰলৈ ক’ভিড মহামাৰীত এটা দিনত ইমানসংখ্যক লোকে প্রাণ হেৰুৱাইছে৷ মহাৰাষ্ট্রত বিভিন্ন স্থানত ক’ভিডে পুনৰ সংহাৰ সৃষ্টি কৰাৰ বাবেই লকডাউন তথা অন্যান্য নিষেধাজ্ঞা গ্রহণ কৰিবলগীয়া হৈছে৷

ইফালে, কেইবাটাও উৰণ সংস্থাই বিমানত মাস্ক পৰিধান বাধ্যতামূলক কৰিছে৷ মাস্ক পৰিধানৰ উপৰি অন্যান্য ক’ভিড প্রট’কল মানি চলিব লাগিব যাত্রীসকলে৷ এই প্রট’কল মানি নচলিলে তেনে যাত্রীক বিমানত যাত্রা কৰাৰ ক্ষেত্রত নিষিদ্ধ কৰা হ’ব বুলিও সতর্কবাণী কৰা হৈছে৷

You might also like