বিজনী সমষ্টীত অজয় কুমাৰ ৰয়ে প্ৰাৰ্থিত্ব লাভত অৰূপ নাথৰ সমৰ্থকৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ চিৰাঙৰ বিজনীত, সকলো জল্পনা কল্পনাৰ অন্তত অৱশেষত ঘোষণা কৰা হ’ল ৩৩ নং বিধানসভাৰ সমষ্টিৰ বিজেপিৰ দলীয় প্ৰাৰ্থীত্ব দিয়া হয় অজয় কুমাৰ ৰয়ক। বিজনী বিধান সভা সমষ্টিৰ বিজেপি দলৰ পৰা নিৰ্বাচনৰ প্ৰাৰ্থীত্ব বিচাৰি বহুকেইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিৰ্বাচনী কুজ কাৱজ চলাই আছিল যদিও ৰাষ্ট্ৰীয় তথা ৰাজ্যিক নেতৃত্বই অজয় কুমাৰ ৰয়ক প্ৰাৰ্থিত্ব প্ৰদান কৰে।
দেওবাৰে দিল্লীত ৰাষ্ট্ৰীয় নেতৃত্বই ঘোষণা কৰা বিজেপি দলৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকাত ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ পৰা প্ৰৰ্থীত্বৰ বাবে টিকট লাভ কৰাৰ পিচতে বিজনী সমষ্টিৰ বিজেপি সমৰ্থক তথা অজয় ৰয়ক সমৰ্থক সকলে দীঘলীয়া শোভযাত্ৰাৰে সমষ্টিলৈ আদৰি আনে অজয় কুমাৰ ৰয়ক ।
অজয় কুমাৰ ৰয় টিকট লাভ কৰাৰ পিচতে আনন্দত উৎফল্লিত হৈ পৰে বিজনী সমষ্টীৰ লোকে । বিজনীত ফটকা ফুটাই,নাচি বাগি আনন্দত মতলিয়া হৈ পৰে বিজেপিৰ সমৰ্থক সকল। আনফালে অজয় কুমাৰ ৰয়ে প্ৰাৰ্থিত্ব লাভ কৰাত বিজেপিৰ অৰূপ নাথৰ সমৰ্থক সকলে প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। বিজনীস্থিত অৰূপ নাথৰ ভাৰাঘৰত দেওঁবাৰে নিশা একাংশ অৰূপ নাথৰ সমৰ্থক সকলে পোষ্টাৰ ফালি বিজেপি বিৰোধি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্থ কৰা পৰিলক্ষিত হয় ।