বগৰীগুৰিত এবছুৰ উদ্যোগত শৈক্ষিক সজাগতা সভা
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত আজি বগৰীগুৰি ৰাজহুৱা ভৱনত এখন শৈক্ষিক সজাগতা সভা অনুষ্ঠিত কৰা হয়। ২০২১ শিক্ষাৰ্বষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা মধ্য জোনাই আঞ্চলিকৰ অন্তৰ্গত মুঠ এশগৰাকী পৰীক্ষাৰ্থী উপস্থিত থকা শৈক্ষিক সজাগতা সভাখনl সভাপতিত্ব কৰে মধ্য জোনাই আঞ্চলিক এবছুৰ সভাপতি মথুৰাজ মুছাহাৰীয়ে।
মধ্য জোনাই আঞ্চলিক এবছুৰ সাধাৰণ সম্পাদক গাইদাং বসুমতাৰীয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাত অংশগ্ৰহণ কৰি এবছুৰ জনসম্পৰ্কৰক্ষী সম্পাদক বডোছা ব্ৰহ্মই কয়- হাইস্কুল শিক্ষান্ত পৰীক্ষা হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মূল জপনা। শিক্ষা জীৱনৰ অন্যতম ঢাপ হিচাপে স্বীকৃত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে অধ্যৱসায়ৰ ফলতহে গুণগত মানৰ উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব পাৰি।
অনুষ্ঠানত ধেমাজি জিলা এবছুৰ উপদেষ্টা শিৱৰাম বসুমতাৰীয়ে কয় যে যিকোনো লক্ষ্যত উপনীত হ’বলৈ একাগ্ৰতা আৰু আত্মবিশ্বাসৰ প্ৰয়োজনীয়তা সকলো সময়তে থাকিব লাগিব।
শৈক্ষিক সজাগতা সভাত ধেমাজি জিলা এবছুৰ উপাধ্যক্ষ সুনীল স্বৰ্গীয়াৰী, সহকাৰী শিক্ষা সম্পাদক বিজয় ওৱাৰী, সহকাৰী সম্পাদক অজয় খাকলাৰী, মধ্য জোনাই ইউবিপিঅ’ৰ সভাপতি হৰি বসুমতাৰী, মধ্য জোনাই আঞ্চলিক আবৌফৰ সভানেত্ৰী সুমিত্ৰা দৈমাৰী, উপ-সভানেত্ৰী বিনতি ব্ৰহ্ম, মধ্য জোনাই আঞ্চলিক এবছুৰ প্ৰাক্তন সভাপতি শংকৰ বসুমতাৰী উপস্থিত থাকে।