জোনাইত বিজেপি মিত্ৰজোঁটৰ ভুবন পেগুৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বিজেপিয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান।
জোনাইতো ১১৪ নং জোনাই বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন পেগুৰ প্ৰথম নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ হয়। এইবাৰ জোনাই সমষ্টিত নিৰ্বাচনী যুঁজত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন পেগুক জয়ী কৰাবৰ বাবে দলীয় কৰ্মীবৃন্দই নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। নিৰ্বাচনী প্ৰচাৰ অভিযানত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন পেগুৱে বিজেপি, গণশক্তি, অসম গণ পৰিষদ আৰু বড়ো জাতীয় সংগঠনৰ নেতা-কৰ্মীক লৈ কেমি-জেলম, চিলে, বাহিৰ জোনাই আৰু জোনাই পঞ্চায়তৰ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়৷
পৰাজিত হ’বই বাবে কংগ্ৰেছে সমষ্টিৰ বাহিৰৰ এজন মানুহক টিকট প্ৰদান কৰিছে বুলি সমালোচনা কৰি মিত্ৰজোটৰ বিজেপিৰ প্ৰাৰ্থী ভুবন পেগুৱে কয়- এইবাৰ বসন্তত অকল পদুম ফুলিব, কিয়নো নিৰ্বাচনী সমীক্ষা মতে অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাটো নিশ্চিত ৷