নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুঠিমাৰী উঃ মাঃ বিদ্যালয়ত প্রাক্তন শিক্ষক-শিক্ষার্থীৰ পুনৰ মিলন সমাৰোহ

নিয়মীয়া বাৰ্তা, ১৫ মার্চঃ কমলপুৰ ৰাজহ চক্রৰ অন্তর্গত পুঠিমাৰী উচ্চ মাধ্যমিক বিদ্যালয়, সোণেশ্বৰত যোৱা ১৪ মাৰ্চত অনুষ্ঠিত ১৯৭৩-৭৪ বর্ষৰ একাদশ আৰু দ্বাদশ শ্রেণীৰ সহপাঠীৰ পুনৰ মিল সমাৰোহত অংশ কৰি শতাধিক প্রাক্তন শিক্ষার্থী আৰু অৱসৰপ্রাপ্ত শিক্ষকে সোণালী দিনৰ স্মৃতি ৰোমন্থন কৰি নষ্টলজিক হৈ পৰে৷

প্রাক্তন সহপাঠীৰ পুনৰ মিলন সমাৰোহৰ লগত সংগতি ৰাখি এইসকল শিক্ষার্থীক শিক্ষাদান কৰি কৃতিত্বৰে অৱসৰ গ্রহণ কৰা কেইগৰাকীমান শিক্ষাগুৰুক সম্বর্ধনা জনোৱা হয়৷ বিদ্যালয়খনৰ প্রাক্তন ছাত্র তথা প্রীতি সন্মিলনীৰ প্রস্তুতি সমিতিৰ সভাপতি শৰৎ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এক নষ্টলজিয়াৰ মাজেৰে ‘এটা দিন আমাৰ সপোন’ শীর্ষক অনুষ্ঠানত সম্বর্ধনা গ্রহণ কৰা অৱসৰপ্রাপ্ত শিক্ষাগুৰুসকলে বিগত প্রায় চাৰি দশকৰ পিছত প্রিয় শিক্ষার্থীসকলক লগ পাই আত্মহাৰা হৈ পৰে৷

প্রাক্তন সহপাঠীৰ পুনৰ মিলন সমাৰোহে তেওঁলোকক জীয়াই থকাৰ অনুপ্রেৰণা দিয়াৰ লগতে প্রাক্তন শিক্ষার্থীসকলৰ অকৃত্রিম ভালপোৱাৰ স্বীকৃতি লাভ কৰা বুলিও কয় অৱসৰী শিক্ষকসকলে৷

সমাৰোহৰ প্রস্তুতি সমিতিৰ সম্পদাকদ্বয় মহেশ্বৰ কলিতা আৰু ভৰত কলিতাই আঁত ধৰা অনুষ্ঠানত প্রাক্তন শিক্ষার্থী ডাঃ নাৰায়ণ শর্মা, গীৰেন কলিতা, পয়োধৰ গোস্বামী, সনাতন কলিতা, শৰৎ ঠাকুৰীয়া, কৰুণা কলিতা, মাইবালা কলিতা, চক্র কলিতা, নৰেন কলিতা, ধৰণী চৌধুৰী, যোগেন নাথ আদিয়ে তাহানিতে এৰি থৈ যোৱা বিদ্যালয়খনে হাত বাউল দি মাতে বুলি মন্তব্য কৰি চাৰি দশক পিছত অনুষ্ঠিত এই সমাৰোহে তেওঁলোকৰ সুকীয়া জীৱনৰ মধুৰ স্মৃতি ৰোমন্থন কৰাৰ সুযোগ দিয়া বুলি কয়৷

পুঠিমাৰী উঃ মাঃ বিদ্যালয়ৰ অধ্যক্ষ গণেশ শর্মাই আদৰণী ভাষণ দিয়ে৷ অৱসৰপ্রাপ্ত শিক্ষক ক্রমে মাখিবাহাৰ ফটিক শর্মা, অভয়াপুৰীৰ বিজয় ভাগৱতী, পাঠশালাৰ হৰেকৃষ্ণ গোস্বামী, ভৱেন্দ্র নাথ ৰয়, কছৰুৱাৰ আয়ুব আলী, ডিমুৰ প্রভাত শর্মা, মহৰীয়াৰ প্রভাত ভট্ট, বাইহাটাৰ প্রভাত ডেকা, মঙলদৈৰ বিচিত্র মেধি, ডোবকৰ প্রভাত শর্মাক ৰাজহুৱাভাৱে সম্বর্ধনা জনোৱা হয়৷

বিদ্যালয়ৰ উপাধ্যক্ষ কুতুবুদ্দিন আহমেদকে ধৰি আন কেইবাগৰাকী শিক্ষকক সম্বর্ধনা জনোৱা হয়৷ শলাগৰ শৰাইৰ মাজে মাজে আঁত ধৰা চিনাকি পর্ব আদিৰে সভাপতি শৰৎ কুমাৰ কলিতাই ২০২৩ চনত বিদ্যালয়ত মহা সোণালী জয়ন্তী বর্ষ পালন কৰাৰ বিষয়ে ঘোষণা কৰি অনুষ্ঠানৰ সামৰণি পেলায়।

You might also like