এংকৰ সঞ্জনাৰে বিবাহপাশত আবদ্ধ বুমৰাহ
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ জীৱনৰ দ্বিতীয় ইনিংছ মুকলি কৰিলে টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে৷ যোৱা কিছুদিন ধৰি চলি থকা জল্পনা–কল্পনাৰ অন্ত পেলাই তাৰকা ক্রিকেটাৰগৰাকীয়ে অৱশেষত আজি গোৱাত মোহময়ী স্প’টছ এংকৰ সঞ্জনা গণেশনক জীৱনসংগী কৰি লয়৷
পৰিয়ালৰ লোক, আত্মীয়–কুটুম্ব আৰু একাংশ ঘনিষ্ঠ বন্ধু–বান্ধৱীৰ উপস্থিতিত গোৱাৰ এখন বিলাসী হোটেলত তেওঁলোকৰ বিবাহ অনুষ্ঠান সম্পন্ন হয়৷ দেওবাৰে বিবাহপূর্ব পৰম্পৰাগত ৰীতি–নীতিসমূহ সম্পন্ন হোৱাৰ পিছত আজি বুমৰাহ আৰু সঞ্জনাৰ বিবাহৰ অভ্যর্থনা অনুষ্ঠান আয়োজিত হয়৷ জানিব পৰা অনুসৰি দম্পতীটোৱে তেওঁলোকৰ বিবাহ অনুষ্ঠান গোপন কৰি ৰখাৰ বাবে অনুষ্ঠানত উপস্থিত থকা আত্মীয়–কুটুম্ব আৰু বন্ধু–বান্ধৱীসকলক্ ম’বাইল ফোন ব্যৱহাৰৰ পৰা বিৰত থকাৰ আহ্বান জনাইছিল৷
অৱশ্যে মুম্বাই ইণ্ডিয়ানছে তেওঁলোকৰ টুইটাৰ পেজত বুমৰাহ আৰু সঞ্জনাৰ বিবাহ অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰি তেওঁলোকক নতুন জীৱনৰ শুভেচ্ছা জনাইছে৷ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি, অ’পেনাৰ লোকেশ ৰাহুল, ৰোহিত শর্মা, শিখৰ ধাৱন আদিয়েও বুমৰাহক শুভেচ্ছা জনাইছে৷
উল্লেখ্য যে যোৱা মাহত টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰগৰাকীয়ে ব্যক্তিগত কাৰণৰ বাবে চতুর্থ তথা অন্তিম টেষ্ট আৰু টি–২০ শৃংখলাৰ পৰা নাম প্রত্যাহাৰ কৰাৰ পিছতে ক্রিকেটাৰগৰাকীৰ বিবাহক লৈ চর্চা আৰম্ভ হৈছিল৷ অহা ২৩ মার্চৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া এদিনীয়া শৃংখলাত বুমৰাহক দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷